২০২২ত 5G আৰম্ভ হ’ব ভাৰতত, প্ৰস্তাৱিত ১৩খন চহৰৰ তালিকাত নাই অসমৰ কোনো চহৰৰ নাম

4Gৰ পিছত এইবাৰ দেশত আৰম্ভ হ’ব 5G সেৱা। নতুন বছৰত দেশৰ ১৩খন চহৰত প্ৰাৰম্ভিৱক অৱস্থাত এই সেৱা আৰম্ভ কৰা হ’ব। প্ৰথমে আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লীত আৰম্ভ হ’ব এই সেৱা। ইয়াৰ লগতে লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেতো শুভাৰম্ভ হ’ব 5G। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে সদৰি কৰা অনুসৰি অহা বছৰৰ মাজভাগৰ পৰা 5G সেৱা উপলব্ধ হ’ব। চৰকাৰে মাৰ্চ-এপ্ৰিলত 5G স্পেকট্ৰাম নিলাম কৰিব। ইয়াৰ লগে লগে দেশৰ দূৰসংযোগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন মাত্ৰা লাভ কৰিব।


অৱশ্যে চৰকাৰে নিশ্চিত কৰা নাই যে কোনটো টেলিকম অপাৰেটৰে বাণিজ্যিকভাৱে 5G সেৱা আৰম্ভ কৰিব। ইতিমধ্যে জিঅ’, এয়াৰটেল আৰু ভোডাফোন-আইডিয়াৰ দৰে তিনিওটা আগশাৰীৰ টেলিকম অপাৰেটৰে এই চহৰসমূহত পৰীক্ষণ ছাইট স্থাপন কৰিছে।


দূৰসংযোগ বিভাগে ২০১৮ চনত ৮টা সংস্থাৰ সৈতে থলুৱা প্ৰযুক্তি বিকাশৰ বাবে বিশেষ চুক্তিত স্বাক্ষৰ কৰিছিল। তাৰ ভিত্তিতে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছিল। এই সংস্থাবোৰৰ অন্যতম আছিল ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মুম্বাই, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লী, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হায়দৰাবাদ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰু, চ’চাইটি ফৰ এপ্লাইড মাইক্ৰ’ৱেভ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এণ্ড ৰিচাৰ্ছ আৰু চেণ্টাৰ অৱ এক্সেলেন্স ইন ৱায়াৰলেচ টেকন’লজী।


প্ৰথমতে দেশৰ আগশাৰীৰ চহৰসমূহত এই সেৱা আৰম্ভ হ’ব আৰু পৰ্যায়ক্ৰমে দেশজুৰি মুকলি কৰা হ’ব 5G সেৱা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...