ফেৰী যাত্ৰাৰ সময়ত কি কি কথাত মন দিব লাগে?

অসম নদ-নদীৰে ভৰা ৰাজ্য। বিভিন্ন সময়ত যাতায়াতৰ বাবে শ শ লোকে ফেৰীত যাত্ৰা কৰে। বহু অঞ্চলত ফেৰী বা নাৱৰ বাহিৰে আন কোনো যাতায়াতৰ সোপান বা আহিলা নাই। গতিকে যাতায়াতৰ মাধ্যম ৰূপে ফেৰীকে ব্যৱহাৰ কৰে যাত্ৰীসকলে।নিজকে কিদৰে সুৰক্ষিত কৰি ৰাখিব ইয়াৰ কিছুমান সাৱধানতা যাত্ৰীয়ে অনুসৰণ কৰিব পাৰে।
এই তথ্যসমূহ অনুসৰণ কৰক আৰু ফেৰীৰে যাত্রাৰ সময়ত ঘটা দুৰ্ঘটনা প্রতিহত কৰাৰ লগতে নিজৰ জীৱন সুৰক্ষিত কৰি ৰাখক-
১. নিয়মীয়াকৈ বতৰৰ আগজাননী শুনিব
২. যদি আপুনি তীব্ৰ বতাহৰ সৈতে আকাশত ক’লা ডাৱৰ দেখা পায়, তেতিয়া ফেৰীত উঠিব নালাগে
৩. আপুনি ফেৰীখনত উঠাৰ আগতে ইয়াৰ বাহন ক্ষমতা জানি ল’ব
৪.কেতিয়াও ভিৰ হোৱা ফেৰীত যাত্রা নকৰিব
৫. ফেৰীখনত লাইফ জেকেটৰ উপলব্ধতা পৰীক্ষা কৰক
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনহিতাৰ্থে সময়ে সময়ে এইসমূহ কথা প্ৰচাৰ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...