পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন? চৰ্চাত এই ৪গৰাকীৰ নাম

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৫ জুলাইত অন্ত পৰিব। ৪ মাহৰ পিছত ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব। সম্প্ৰতি বিজেপি আৰু আৰ এছ এছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ চিন্তা-চৰ্চা আৰম্ভ কৰিছে। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা আৰু মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ পিছত নাম চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।
পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে বিজেপি আৰু RSSৰ মাজত আটাইতকৈ চৰ্চিত ৪টা নাম। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচান্দ গেহলট আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ নাম চৰ্চিত হৈছে। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেষ মুহূৰ্তত সকলোকে আচম্বিত কৰিব পাৰে, যিটো প্ৰায়ে দেখা যায়।
আনন্দীবেন পেটেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ ৰূপে জনা যায়। বৰ্তমান উত্তৰ প্ৰদেশৰ ৰাজ্যপালগৰাকী গুজৰাটৰ মুখ্যমন্ত্ৰীও আছিল।
আনহাতে, NDAৰ প্ৰথম কাৰ্যকালত বিজেপিয়ে প্ৰখ্যাত বিজ্ঞানী ড০ এপজি আব্দুল কালামক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰিছিল, পিছলৈ ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল। ইয়াৰ জৰিয়তে বিজেপিয়ে দেশ আৰু বিশ্বৰ মুছলমানসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছিল।
প্ৰধানমন্ত্ৰী মোডীয়েও প্ৰথম কাৰ্যকালত দলিত সম্প্ৰদায়ৰ ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰা আন এক বাৰ্তা দিছিল। মুছলমান আৰু দলিতসকলৰ পিছত বিজেপিয়ে এগৰাকী মহিলাকো ৰাষ্ট্ৰপতি ৰূপে প্ৰাৰ্থিত্ব দিব পাৰে, ২০২৪ৰ পূৰ্বে মহিলাসকললৈ এটা ডাঙৰ ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব পাৰে বিজেপিয়ে। UPAৰ প্ৰথম কাৰ্যকালত কংগ্ৰেছে প্ৰতিভা পাটিলক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিছিল। অৱশ্যে, আনন্দীবেন পেটেলৰ বাবে এটা প্ৰত্যাহ্বান হৈছে যে পেটেলৰ বয়স ৮০ বছৰতকৈ অধিক, যাৰ বাবে তেখেতৰ নাম বিবেচিত হোৱাটো কঠিন হৈ পৰিব পাৰে।
কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ বাসিন্দা। আৰিফে শ্বাহ বানো গোচৰৰ বাবে ৰাজীৱ গান্ধী চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল, ইয়াৰ পিছতে চৰ্চালৈ আহিছিল আৰিফ মহম্মদ খান। তিনি তালাক, CAAৰ দৰে বিষয়ত আৰিফ সদায় বিজেপিৰ বাবে এক ঢাল হৈ আছিল। বিজেপিয়ে আৰিফক প্ৰগতিশীল আদৰ্শৰ বুলি গণ্য কৰে। এনে পৰিস্থিতিত বিজেপি RSS-এ আকৌ এবাৰ কেৱল ভাৰতকে নহয়, সমগ্ৰ বিশ্বক মুছলমানসকলক ৰাষ্ট্ৰপতিৰ মুখামুখি কৰি বাৰ্তা দিব বিচাৰিব পাৰে যে তেওঁলোক মুছলমান বিৰোধী নহয়, লগতে ইছলামধৰ্মীৰ স্বজন-তোষণৰ বিৰোধিতাও কৰিব।
উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা আৰু দীৰ্ঘদিন ধৰি বিজেপিৰ সৈতে জড়িত হৈ আছে। নাইডু ২০০২ চনৰ পৰা ২০০৪ চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিও আছিল। অটল বিহাৰী চৰকাৰৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী আছিল নাইডু। মোদী চৰকাৰে নগৰ উন্নয়ন, গৃহ নিৰ্মাণ, নগৰ দৰিদ্ৰতা দূৰীকৰণ, তথ্য সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিষয়ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বও দিছিল। নাইডুৱে ২০১৭ চনৰ আগষ্ট মাহৰ পৰা উপ-ৰাষ্ট্ৰপতি হৈ আছে। নাইডুক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰি বিজেপিয়ে দক্ষিণ ভাৰতত নিজৰ স্থান শক্তিশালী কৰিবলৈ এক ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিব পাৰে।
উল্লেখ্য যে, নীলম সঞ্জীৱ ৰেড্ডীয়ে ১৯৭৭ চনৰ ২৫ জুলাইত দেশৰ নৱম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা, প্ৰতিবাৰেই ২৫ জুলাইত, নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ আহিছে। ৰেড্ডীৰ পিছত ২৫ জুলাইত জ্ঞানী জাইল সিং, আৰ ভেংকটৰমণ, শংকৰ দয়াল শৰ্মা, কে আৰ নাৰায়ণন, এ পি জে আব্দুল কালাম, প্ৰতিভা পাটিল, প্ৰণৱ মুখাৰ্জী আৰু বৰ্তমান ৰামনাথ কোবিন্দ।
দেশখনত দুজন ৰাষ্ট্ৰপতিও আছিল যি সময়ত কোনো এজন ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত মৃত্যুবৰণ কৰিছিল। দেশৰ তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইন আৰু সপ্তম ৰাষ্ট্ৰপতি তথা অসম সন্তান ফখৰুদ্দিন আলী আহমেদে নিজৰ কাৰ্যকালতে মৃত্যুবৰণ কৰিছিল। জাকিৰ হুছেইন ১৯৬৭ চনৰ ১৩ মে’ৰ পৰা ১৯৬৯ চনৰ ৩ মে’ৰ ভিতৰত ৰাষ্ট্ৰপতি আছিল। জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত উপ-ৰাষ্ট্ৰপতি ভি ভি গিৰিক কাৰ্যকৰী ৰাষ্ট্ৰপতি কৰা হৈছিল। একেদৰে সপ্তম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ১৯৭৪ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। আহমেদৰ মৃত্যুৰ বাবে বিডি জাট্টিক কাৰ্যকৰী ৰাষ্ট্ৰপতি কৰিব লগা হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহানগৰীত ই-ৰিক্সা আৰু ই অটোৰিক্সা চালকক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ...

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ সৈতে আৰক্ষী সঞ্চালক প্রধানৰ মত-বিনিময়

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ লগত জি. পি. সিং,...

গোলাঘাটত বোমা উদ্ধাৰ

গোলাঘাটত বোমা উদ্ধাৰ। ডিমাপুৰৰ পৰা শিৱসাগৰলৈ নি থকা অৱস্থাত...

আহি আছে ‘পুষ্পা 2 : দ্য ৰুল’

২০২১ চনত মুক্তিপ্ৰাপ্ত পুষ্পা: দ্য ৰাইজ ছবিখনে খলকনি তুলিছিল...