ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান (ডায়েট) ৰ উদ্যোগত অহা ১৪, ১৫ আৰু ১৬ অক্টোবৰ তাৰিখে প্ৰতিষ্ঠানখনৰ চৌহদত জিলা পৰ্যায়ৰ এখন শিক্ষক সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনখনত ডিব্ৰুগড় জিলাৰ মুঠ ছটা শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক আৰু খণ্ড সমল ব্যক্তিকে ধৰি মুঠ এশজন বিদ্যালয় পর্যায়ৰ শিক্ষক-শিক্ষয়িত্রীয়ে অংশগ্রহণ কৰিব। সম্মিলনখনত মূলতঃ শিক্ষামূলক নেতৃত্ব আৰু উদ্ভাৱনমূলক দিশ সম্পৰ্কে গুৰুত্ব প্রদান কৰা হ’ব।

উল্লেখ্যযোগ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানটো ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদ, অসমৰ সহযোগিতাত ডিব্ৰুগড় ডায়েটৰ অধ্যক্ষ মনোজ কুমাৰ সিং চৌহানৰ নেতৃত্বত আৰু জ্যেষ্ঠ প্রবক্তা ড° নয়নমণি ফুকনৰ সমন্বয়ত প্রতিষ্ঠানৰ সমূহ
জ্যেষ্ঠ প্ৰবক্তা, প্ৰবক্তা আৰু অনাশৈক্ষিক কৰ্মচাৰীসকলৰ তত্ত্বাৱধানত অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানটোত জিলাখনৰ ছটা শিক্ষাখণ্ডৰ পৰা নিৰ্বাচিত প্রায় ১৮গৰাকী শিক্ষক-শিক্ষয়িত্রীয়ে নিৰ্ধাৰিত বিষয় সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াব। অনুষ্ঠানটোত প্রদর্শিত হ’বলগীয়া বিষয়সমূহ হ’ল- ছাত্র-ছাত্রীৰ শিকণ বৃদ্ধিৰ বাবে শ্রেণীকোঠাত প্রয়োগ হোৱা উদ্ভাৱনীমূলক শিক্ষাবিজ্ঞান, শ্রেণীকোঠাৰ অনুশীলনৰ বাবে তথ্য আৰু যোগাযোগ প্রযুক্তিৰ ব্যৱহাৰ, মৌলিক সাক্ষৰতা আৰু সাংখ্যিকতা, প্রাথমিক পৰ্যায়ত শিশুৰ যত্ন আৰু শিক্ষা, শ্রেণীকোঠাত পাঠ আদান-প্রদানত শিক্ষণ-শিকন সামগ্ৰীৰ ব্যৱহাৰ, বিদ্যালয় ৰূপান্তৰৰ বাবে ফলপ্রসূ নেতৃত্বৰ অনুশীলন আৰু ছাত্র-ছাত্রীৰ সামগ্রিক বিকাশৰ মূল্যায়ন ইত্যাদি|
অংশগ্রহণকাৰী সকল মূলতঃ ভিত্তিমূলক স্তৰ (প্ৰাক্ প্ৰাথমিকৰ পৰা দ্বিতীয় শ্রেণীলৈ), প্ৰস্তুতিমূলক স্তৰ (তৃতীয় শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ), মধ্য স্তৰ (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ) আৰু মাধ্যমিক স্তৰ (নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ) লৈকে পাঠদান কৰা শিক্ষক- শিক্ষয়িত্রীসকলৰ লগতে জিলাখনৰ ছটা শিক্ষাখণ্ড ক্ৰমে জয়পুৰ, লাহোৱাল, পানীতোলা, বৰবৰুৱা, খোৱাং আৰু টেঙাখাটৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক আৰু খণ্ড সমল ব্যক্তি সকলৰ মাজৰ পৰা মনোনীত কৰা হ’ব। তেওঁলোকৰ মাজৰ পৰা নির্বাচিত উৎকৃষ্ট তিনিটা প্রদর্শনে ২০২৫ চনৰ ডিচেম্বৰ মাহত ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক শিক্ষক সম্মিলনত অংশগ্রহণ
কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰি অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিক্ষণ- শিকন সামগ্রীৰ প্রদর্শনীও অনুষ্ঠিত হ’ব| সমন্বয়ক ড° নয়নমণি ফুকনে জনোৱা মতে এই সম্মিলনলৈ জিলাখনৰ কেইবাগৰাকী প্রশাসনিক বিষয়াৰ লগতে শিক্ষাবিদক আমন্ত্রণ জনোৱা হৈছে|
