ACত অধিক সময় কটালে ছুগাৰৰ মাত্ৰাত পৰিব পাৰে প্ৰভাৱ; কি পোৱা গৈছে গৱেষণাত?

গৰমৰ পৰা সকাহ পাবলৈ মানুহে এয়াৰ কণ্ডিচনাৰৰ (AC) সহায় লয়। কাৰ্যালয় হওক অথবা ঘৰ, আজিকালি ঘণ্টাৰ পাছত ঘণ্টা ACৰ তলত বহি থকাটো এটা সাধাৰণ অভ্যাস হৈ পৰিছে। ঠাণ্ডা বতাহে আৰাম দিয়ে সঁচা, কিন্তু আপুনি জানেনে যে ই আপোনাৰ তেজত ছুগাৰৰ মাত্ৰাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে? এই কথা শুনিলে অলপ আচৰিত যেন লাগিব পাৰে, কিন্তু বহু গৱেষণাত পোৱা গৈছে যে ACৰ অত্যধিক ব্যৱহাৰ ডায়েবেটিছৰ ৰোগীৰ বাবে বিপদৰ সংকেত হ’ব পাৰে।

প্ৰথমতে ACৰ প্ৰভাৱ অনুভৱ নহয়। ঠাণ্ডা বতাহত বহি মানুহে ভাবে যে শৰীৰটো শিথিল হৈছে আৰু শক্তি সঞ্চয় হৈছে। কিন্তু বাস্তৱত এই “শক্তি সঞ্চয় মোড”ৰ ফলত শৰীৰৰ বিপাকীয় কাৰ্যকলাপ (মেটাবলিজম) মন্থৰ গতিৰ হয়। যেতিয়া বিপাকীয় কাৰ্যকলাপ মন্থৰ হয়, তেতিয়া শৰীৰে ছুগাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু লাহে লাহে তেজত চেনীৰ মাত্ৰাত বিসংগতি হ’বলৈ ধৰে।

দিল্লীৰ জিটিবি হাস্পতালৰ ঔষধ বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে, ACত দীঘলীয়া সময় থকাৰ এটা ডাঙৰ সমস্যা হ’ল “শাৰীৰিক নিষ্ক্ৰিয়তা”। যেতিয়া পৰিৱেশ ঠাণ্ডা থাকে, তেতিয়া শৰীৰটো বেছি সক্ৰিয় হৈ নাথাকে। কম কাৰ্যকলাপৰ প্ৰত্যক্ষ প্ৰভাৱ ইনচুলিনৰ সংবেদনশীলতাৰ ওপৰত পৰে, আৰু শৰীৰে তেজত থকা গ্লুক’জক শক্তিলৈ ৰূপান্তৰ কৰাত অসুবিধা পায়।

ACৰ নিৰন্তৰ ব্যৱহাৰে তাপীয় চাপো (থাৰ্মেল ষ্ট্ৰেছ) কমায়। সাধাৰণতে যেতিয়া আপুনি গৰমত ঘামি যায়, তেতিয়া শৰীৰে কেলৰি জ্বলে, যাৰ ফলত ছুগাৰ নিয়ন্ত্ৰণত থাকে। কিন্তু ACত বহিলে শৰীৰ এই স্বাভাৱিক প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হয়। অৰ্থাৎ ঘামৰ জৰিয়তে যিমান কেলৰি আৰু চেনী বাহিৰলৈ ওলাব পাৰিলেহেঁতেন, সেয়া তেজত জমা হৈ থাকে।

এতিয়া ভাৱক, যদি কোনো ডায়েবেটিছৰ ৰোগীয়ে প্ৰতিদিনে ৮ৰ পৰা ১০ ঘণ্টা ACত বহি থাকে, তেন্তে তেওঁৰ শৰীৰত চেনী নিয়ন্ত্ৰণৰ স্বাভাৱিক প্ৰক্ৰিয়া কিমান মন্থৰ হ’ব! এই কাৰণেই ACৰ অত্যধিক ব্যৱহাৰ ডায়েবেটিছৰ ৰোগীৰ বাবে বিপদৰ কাৰক বুলি গণ্য কৰা হয়।

তেন্তে ইয়াৰ অৰ্থ এইটো নেকি যে- আমি ACৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে?

যদি আপুনি দীঘলীয়া সময় ACত থাকে, তেন্তে মাজে মাজে বাহিৰলৈ ওলাই অলপ খোজকাঢ়ক।  অলপ ষ্ট্ৰেচিং কৰক আৰু পৰ্যাপ্ত পানী খাওক।  কোঠাৰ উষ্ণতা বৰ ঠাণ্ডা নাৰাখিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...