নমতাকৈ গৈছিল অনন্ত-ৰাধিকাৰ বিয়ালৈ, আৰক্ষীৰ জালত ইউটিউবাৰসহ এজন

শেষ হোৱা নাই অনন্ত-ৰাধিকাৰ বিলাসী বিয়াখন। চলি আছে ইটোৰ পিছত সিটো অনুষ্ঠান। বিয়ালৈ আহিছে দেশ-বিদেশৰ অতিথি। শনিবাৰে নিশা অনুষ্ঠিত ‘শুভ আশীৰ্বাদ’ অনুষ্ঠানত উপস্থিত হৈ অনুষ্ঠানৰ শোভা বঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভৰি চুই প্ৰধানমন্ত্ৰী মোদীৰ আশীৰ্বাদ ল’লে নৱ দম্পতী অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টে। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে নীতা আম্বানীয়ে। কিন্তু ইয়াৰ মাজতে ঘটিল অঘটন। আম্বানীপুত্ৰৰ বিয়ালৈ নিমন্ত্ৰণ নোপোৱাকৈয়ে আহিল আলহী। তাৰ পিছত কি হ’ল? জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন।

যুৱকদ্বয় অন্ধপ্ৰদেশৰ বাসিন্দা। অন্ধপ্ৰদেশৰ পৰা মুম্বাইলৈ গৈ আম্বানী পৰিয়ালৰ বিয়াত উপস্থিত হৈছিল দুয়োজন। প্ৰাপ্ত তথ্য অনুসৰি, অনন্ত-ৰাধিকাৰ বিলাসী বিয়া চাবলৈকে দুই বন্ধু উপস্থিত হৈছিলগৈ বিবাহস্থলীত, কিন্তু বিবাহস্থলীৰ পৰাই দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ভেঙ্কটেশ নৰসাইয়া আল্লুৰী নামৰ এজন ২৬ বছৰীয়া ইউটিউবাৰ আৰু আনজন ২৮ বছৰীয়া লুকমান মহম্মদ শফি। অৱশ্যে পিছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু দুয়োকে এৰি দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...