নমতাকৈ গৈছিল অনন্ত-ৰাধিকাৰ বিয়ালৈ, আৰক্ষীৰ জালত ইউটিউবাৰসহ এজন

শেষ হোৱা নাই অনন্ত-ৰাধিকাৰ বিলাসী বিয়াখন। চলি আছে ইটোৰ পিছত সিটো অনুষ্ঠান। বিয়ালৈ আহিছে দেশ-বিদেশৰ অতিথি। শনিবাৰে নিশা অনুষ্ঠিত ‘শুভ আশীৰ্বাদ’ অনুষ্ঠানত উপস্থিত হৈ অনুষ্ঠানৰ শোভা বঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভৰি চুই প্ৰধানমন্ত্ৰী মোদীৰ আশীৰ্বাদ ল’লে নৱ দম্পতী অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টে। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে নীতা আম্বানীয়ে। কিন্তু ইয়াৰ মাজতে ঘটিল অঘটন। আম্বানীপুত্ৰৰ বিয়ালৈ নিমন্ত্ৰণ নোপোৱাকৈয়ে আহিল আলহী। তাৰ পিছত কি হ’ল? জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন।

যুৱকদ্বয় অন্ধপ্ৰদেশৰ বাসিন্দা। অন্ধপ্ৰদেশৰ পৰা মুম্বাইলৈ গৈ আম্বানী পৰিয়ালৰ বিয়াত উপস্থিত হৈছিল দুয়োজন। প্ৰাপ্ত তথ্য অনুসৰি, অনন্ত-ৰাধিকাৰ বিলাসী বিয়া চাবলৈকে দুই বন্ধু উপস্থিত হৈছিলগৈ বিবাহস্থলীত, কিন্তু বিবাহস্থলীৰ পৰাই দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ভেঙ্কটেশ নৰসাইয়া আল্লুৰী নামৰ এজন ২৬ বছৰীয়া ইউটিউবাৰ আৰু আনজন ২৮ বছৰীয়া লুকমান মহম্মদ শফি। অৱশ্যে পিছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু দুয়োকে এৰি দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...