ইটালীৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ ১২৫গৰাকী যাত্ৰী ক’ভিড পজিটিভ

দেশত দৈনিক নতুন নতুন ক’ভিড আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ ইটালীৰ পৰা অমৃতসৰলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানত থকা ১২৫গৰাকী যাত্ৰী সংক্ৰমিত হৈছে। মুঠ ১৯১গৰাকী যাত্ৰী কঢ়িয়াই ভাৰতলৈ আহিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। বৃহস্পতিবাৰে অমৃতসৰত উপস্থিত হোৱাৰ লগে লগে এয়াৰ ইণ্ডিয়াৰ বিমানৰ যাত্ৰীৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। পৰীক্ষণত ১২৫গৰাকী যাত্ৰী ক’ভিড সংক্ৰমিত হোৱা পৰিলক্ষিত হয়। বিমানখনত মুঠ ১৯১ জন যাত্ৰী আছিল। বিমানখন ইটালীৰ পৰা পঞ্জাৱৰ অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল। সকলো সংক্ৰমিত লোকক অমৃতসৰত আছুতীয়াকৈ ৰখা হৈছে। প্ৰথম বাৰৰ বাবে ইমান বৃহৎসংখ্যক ক’ভিড পজিটিভ লোক বিমানত পোৱা গৈছে। বিমানখনৰ সকলো যাত্ৰীক পুনৰ কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে যাতে সংক্ৰমিতসকলক নিশ্চিত কৰিব পৰা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...