ইটালীৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ ১২৫গৰাকী যাত্ৰী ক’ভিড পজিটিভ

দেশত দৈনিক নতুন নতুন ক’ভিড আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ ইটালীৰ পৰা অমৃতসৰলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানত থকা ১২৫গৰাকী যাত্ৰী সংক্ৰমিত হৈছে। মুঠ ১৯১গৰাকী যাত্ৰী কঢ়িয়াই ভাৰতলৈ আহিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন। বৃহস্পতিবাৰে অমৃতসৰত উপস্থিত হোৱাৰ লগে লগে এয়াৰ ইণ্ডিয়াৰ বিমানৰ যাত্ৰীৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। পৰীক্ষণত ১২৫গৰাকী যাত্ৰী ক’ভিড সংক্ৰমিত হোৱা পৰিলক্ষিত হয়। বিমানখনত মুঠ ১৯১ জন যাত্ৰী আছিল। বিমানখন ইটালীৰ পৰা পঞ্জাৱৰ অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল। সকলো সংক্ৰমিত লোকক অমৃতসৰত আছুতীয়াকৈ ৰখা হৈছে। প্ৰথম বাৰৰ বাবে ইমান বৃহৎসংখ্যক ক’ভিড পজিটিভ লোক বিমানত পোৱা গৈছে। বিমানখনৰ সকলো যাত্ৰীক পুনৰ কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে যাতে সংক্ৰমিতসকলক নিশ্চিত কৰিব পৰা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...