১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল; কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড-বড়োলেণ্ড এফ চি

চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল মেচ অহা ১৬ আৰু ১৭ আগষ্টত অনুষ্ঠিত হ’ব৷ উক্ত দুদিনত প্ৰতিদিনে দুখনকৈ নকআউট মেচ অনুষ্ঠিত হ’ব৷ ১৬ আগষ্টৰ দিনা দিনৰ চাৰি বজাত ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা মেচত ছিলং লাজং এফ চিয়ে ভাৰতীয় নৌ সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ আনহাতে, উক্ত দিনাই নিশা সাত বজাত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বড়োলেণ্ড এফ চি মুখামুখি হ’ব৷

উল্লেখ্য যে এই দূয়োখন কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দল দুটাই অহা ১৯ আগষ্টত ছিলঙত হ’বলগা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত মুখামুখি হ’ব৷

ইফালে, অহা ১৭ আগষ্টত জামছেদপুৰৰ জে আৰ ডি ক্ৰীড়া প্ৰকল্পত আবেলি চাৰি বজাত হ’বলগা তৃতীয় কোৱাৰ্টাৰ ফাইনেলত জামছেদপুৰ এফ চি মুখামুখি হ’ব ডাইমণ্ড হাৰবাৰ এফ চিৰ৷ আনহাতে, ১৭ আগষ্টৰ নিশা সাত বজাত কলকাতা ডাৰ্বিত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত মোহন বাগান ছুপাৰ জায়েণ্ট-ইষ্ট বেংগল এফ চিৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেল৷

প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল ২০ আগষ্টত হোৱাৰ বিপৰীতে অহা ২৩ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...