মোবাইলত গেম খেলিব নোৱাৰাৰ বাবেই আত্মহত্যা কৰিলে চিৰাঙৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই

গুৱাহাটী, ১০ জুন, NKTV: শেহতীয়াকৈ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে স্কুল-কলেজ বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰী সকল ঘৰতে থাকি মোবাইল গেমৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। মোবাইল গেমৰ প্ৰতি আকৰ্ষিত হৈ বহুতো ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ কথা সততে পোহৰলৈ আহে। এইবাৰ চিৰাঙত এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। চিৰাঙৰ ৰুনিখাতা হাইস্কুলৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই বাচি ল’লে আত্মহত্যাৰ দৰে চৰম পন্থা। পিছে কোনো পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা কাৰণে নহয়, মোবাইলত গেম খেলিব নোৱাৰিহে ছাত্ৰজনে আত্মহত্যাৰ কৰাৰ কথা জানিব পৰা গৈছে। মোৰেমবাৰী গাঁওৰ দশম শ্ৰেণীৰ ছাত্ৰ বুৰলুংবুথুৰ বসুমতাৰী(১৭)ৰ আত্মহত‍্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল বুৰলুংবুথু। লক্ষেশ্বৰ বসুমতাৰীৰ পুত্ৰ বুৰলুংবুথুৰ বসুমতাৰীয়ে মোবাইলত সদায় ফ্ৰি ফায়াৰ আৰু পাবজি গেম খেলিছিল। কিন্ত পিতৃৰ মোবাইল স্ক্ৰিন ভঙাৰ ফলত গেম খেলিব নোৱাৰি আজি চিপ লৈ নিজৰ ঘৰতে আত্মহত‍্যা কৰে বুলি গাঁৱৰ লোকে জানিব দিয়ে। পিছত পৰিয়াল আৰু গাঁওৰ লোকে আৰক্ষীক খবৰ নিদিয়াকৈয়ে ছাত্ৰজনৰ মৃতদেহ সৎকাৰ কৰে। এইঘটনাটোৱে সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...