মোবাইলত গেম খেলিব নোৱাৰাৰ বাবেই আত্মহত্যা কৰিলে চিৰাঙৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই

গুৱাহাটী, ১০ জুন, NKTV: শেহতীয়াকৈ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে স্কুল-কলেজ বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰী সকল ঘৰতে থাকি মোবাইল গেমৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। মোবাইল গেমৰ প্ৰতি আকৰ্ষিত হৈ বহুতো ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ কথা সততে পোহৰলৈ আহে। এইবাৰ চিৰাঙত এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। চিৰাঙৰ ৰুনিখাতা হাইস্কুলৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই বাচি ল’লে আত্মহত্যাৰ দৰে চৰম পন্থা। পিছে কোনো পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা কাৰণে নহয়, মোবাইলত গেম খেলিব নোৱাৰিহে ছাত্ৰজনে আত্মহত্যাৰ কৰাৰ কথা জানিব পৰা গৈছে। মোৰেমবাৰী গাঁওৰ দশম শ্ৰেণীৰ ছাত্ৰ বুৰলুংবুথুৰ বসুমতাৰী(১৭)ৰ আত্মহত‍্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল বুৰলুংবুথু। লক্ষেশ্বৰ বসুমতাৰীৰ পুত্ৰ বুৰলুংবুথুৰ বসুমতাৰীয়ে মোবাইলত সদায় ফ্ৰি ফায়াৰ আৰু পাবজি গেম খেলিছিল। কিন্ত পিতৃৰ মোবাইল স্ক্ৰিন ভঙাৰ ফলত গেম খেলিব নোৱাৰি আজি চিপ লৈ নিজৰ ঘৰতে আত্মহত‍্যা কৰে বুলি গাঁৱৰ লোকে জানিব দিয়ে। পিছত পৰিয়াল আৰু গাঁওৰ লোকে আৰক্ষীক খবৰ নিদিয়াকৈয়ে ছাত্ৰজনৰ মৃতদেহ সৎকাৰ কৰে। এইঘটনাটোৱে সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চলন্ত ৰে’লত লাগিল জুই, পুনৰ ভাৰতীয় ৰে’লত ভয়ংকৰ ঘটনা

বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত অগ্নিকাণ্ড। নিশা কাছাৰৰ বিহাৰা ষ্টেচনত ৰে’লখনত অগ্নিকাণ্ড।...

ডায়েট ডিব্ৰুগড় আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)...

বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা। পাপ মোচন কৰিবলৈ...

গুৱাহাটীত অস্মিতা বেডমিণ্টন প্ৰতিযোগিতা

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...