হনীমুনলৈ যোৱাৰ কথা ভাবিছে নেকি?

বিবাহৰ পিছত সকলোৱে এক মনোমোহা স্থান ভ্ৰমণ কৰিব বিচাৰে। স্বামী-স্ত্ৰীয়ে নতুন জীৱন আৰম্ভ কৰাৰ লগে লগে নিজৰ মুহূৰ্তবোৰ সজীৱ আৰু স্মৰণীয় কৰি ৰাখিব খোজে। প্ৰতিটো স্থানৰে আছে সুকীয়া বৈশিষ্ট্য আৰু স্বকীয় পৰিচয়।

কুৰ্গ হৈছে কৰ্ণাটকৰ অন্যতম ধুনীয়া ঠাই। কফি বাগিচা আৰু সেউজীয়াসকলৰ পচন্দৰ ঠাই কুৰ্গ। জলপ্ৰপাত, ট্ৰেকিং আৰু এঢলীয়া একা-বেকা বাটেৰে একেলগে ভ্ৰমণ কৰিব পাৰে কুৰ্গ

অসমৰ সমীপতে থকা শ্বিলঙো বাচনি পাৰে পচন্দৰ স্থান ৰূপে। পৃথিৱীৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই চেৰাপুঞ্জী আৰু মৌছিনৰাম শ্বিলঙৰ সমীপতে। বহুকেইটা জলপ্ৰপাত আৰু জনজাতীয় মহিলাৰ বজাৰ আৰু চহৰখনো বহু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ৰক সংগীতৰ ৰাজধানী খ্যাত শ্বিলঙত আছে কেইবাটাও আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান, আছে সহজে বজাৰ কৰাৰ স্থান।

অসমৰ বহু পৰ্যটকে ভ্ৰমণৰ বাবে চিনাক্ত কৰে ছিকিমক। গেংটক, নাথুলা পাছ, পেলিং, শুভ্ৰ বৰফৰ দলিচা চাবলৈ ছিকিম ভ্ৰমণ কৰিব পাৰে। স্থানীয় লোকৰ বজাৰৰ পৰা কম মূল্য়ত কিনিব পাৰি হস্তশিল্প আৰু ঘৰুৱাভাবে নিৰ্মিত সামগ্ৰী।

দাৰ্জিলিং অসমৰ লোকৰ বাবে এক চিনাকী নাম। চাহ বাগিচাৰ মাজে মাজে পাহাৰীয়া পথেৰে ফুৰাৰ মজাই সুকীয়া। বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ দৃশ্য অপূৰ্ব হৈ উঠে দাৰ্জিলিঙত। নেপালী লোকৰ সংস্কৃতি, ঐতিহ্য ৰেলত উঠি সুৰীয়া সময় পাৰ কৰিব পাৰে।

টাৱাং হৈছে অৰুণাচলৰ অন্যতম জনপ্ৰিয় পৰ্যটন স্থল। এচিয়াৰ অন্য়তম বৃহৎ আৰু ওখ স্থানত বৌদ্ধ মন্দিৰ আছে টাৱাঙত। নিৰ্মল জলধাৰা আৰু স্বাস্থ্যকৰ চহৰ ৰূপে বিবেচিত বহুজনে বাইকত চফৰ কৰিবলৈ পচন্দ কৰে।

মিজোৰামৰ ৰাজধানী চহৰ আইজল। নিশাৰ আইজল চহৰৰ দৃশ্য অপূৰ্ব হৈ পৰে। কেইবাটাও গীৰ্জা, মন্দিৰ আৰু পৰ্যটনস্থলীৰে ভৰা আইজলো হ’ব পাৰে ভ্ৰমণৰ স্থান।

সাগৰ ভাল পোৱাসকলৰ বাবে নিশ্চয় গোৱা হ’ব পাৰে প্ৰথম পচন্দ। পানাজীৰ আশে পাশে সাগৰৰ নয়নাভিৰাম দৃশ্য় উপভোগ কৰিব পাৰে পৰ্যটকসকলে।

কেৰালাৰ অন্যতম আকৰ্ষণীয় ঠাই ৱায়ানাড়। বন্যপ্ৰাণী অভয়াৰণ্য, এডাক্কাল গুহা, ছোচিপাৰা জলপ্ৰপাত, সংগ্ৰহালয়, বিনোদনৰ বহু সমল আছে ৱায়ানাড়ত। চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ সমাহাৰ এই আকৰ্ষণীয় ঠাইখনত। প্ৰতিটো স্থানৰে আছে সুকীয়া বৈশিষ্ট্য আৰু স্বকীয় পৰিচয়। সেই অনুসৰি আনন্দ লব পাৰে আৰু বাজেট মিলাই এক সুৰীয়া সময় অতিবাহিত কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...