অসম চৰকাৰৰ AI Governance শক্তিশালী কৰাৰ বাবে বিশেষ পদক্ষেপ; সমগ্ৰ শিক্ষা অসমৰ সৈতে জড়িত হ’ল ৬ টাকৈ AI প্ৰতিষ্ঠান

অসম চৰকাৰে AI Governance শক্তিশালী কৰাত আৰোপ কৰিছে গুৰুত্ব। আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ ‘সমগ্ৰ শিক্ষা অসম’ৰ লগত কেইবাটাও AI প্ৰতিষ্ঠানৰ সৈতে সম্পন্ন হয় বুজাবুজিৰ চুক্তি। Google AI, IIT Madras-Bodhan AI, LEHS-Wadhwani AI,Foundation to educate Girls Globallly, EkStep-AXL আৰু Canva Education ৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন হয়। বিশেষকৈ AI টেকন’ল’জি আৰু উদ্ভাৱনীমূলক শিক্ষা সমাধান সম্পৰ্কীয় ৬ খনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।

শিক্ষকসকলক সুপ্ৰশিক্ষিত কৰি তুলিবৰ বাবে BODHAN AIৰ লগত বুজাবুজি চুক্তি কৰা হৈছে। এক লাখ শিক্ষকক প্ৰশিক্ষণ দিব পৰাকৈ ব্যৱস্থা আছে BODHAN AIত। বিভিন্ন ভাষাত শিক্ষাৰ্থীসকলক শিক্ষা দান কৰিবৰ বাবে শিক্ষক সকলক Google AI-এ সহায় কৰিব। EkStep AXL -এ শিক্ষাৰ্থীসকলক গণিত আৰু MILত কৰিব সহায়। শিক্ষকসকলক AI ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা দিয়াত Canva Education-এ সহায় কৰিব। আধাতে শিক্ষা সাং কৰা ছাত্ৰীসকলৰ মুকলি শিক্ষাদানৰ ক্ষেত্ৰত সহায় কৰিব Foundation to Educate Girls Globallly-এ। সকলো শিক্ষাৰ্থীকে সাঙুৰি ল’ব পৰাকৈ এই ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানত ডিজিটেল ডিভাইচ বিতৰণ কৰা হ’ব। ৪৫হাজাৰ বিদ্যালয়ৰ ভিতৰত ৬০ হাজাৰ টেবলেট বিতৰণ কৰা হৈছে। শিক্ষাৰ্থীৰ সংখ্যা অনুসাৰে বিতৰণ কৰা হৈছে টেবলেট। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইউটিউব ক্লাছ ল’ব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। শিক্ষকসকলৰ গৰিষ্ঠসংখ্যক প্ৰশিক্ষণ অনলাইন যোগে হ’ব। ভাৰ্চুৱেলী হ’ব এই প্ৰশিক্ষণ। অসম চৰকাৰে ইয়াৰ বাবে ধন ব্যয় নকৰে৷ কেৱল প্ৰশাসনিক আৰু ল’জিষ্টিক ছাপ’ৰ্ট দিব অসম চৰকাৰে৷

চুক্তি স্বাক্ষৰ কৰাৰ অন্তত টিউটৰসকলকলৈ গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। বি এড, ডি এল এড আৰু টেট উত্তীৰ্ণ নোহোৱা বাবে টিউটৰসকলক দিব নোৱাৰিব সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা। তেওঁলোকৰ কেৱল মাহিলি ফিক্সড পে’টোৰ বছৰি ৬ শতাংশ বৃদ্ধিহে কৰা হ’ব। লগতে SSAৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে প্ৰতিষ্ঠান কেইটা লৈ ধন্যবাদ জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বুমৰাহৰ ফিটনেছক লৈ উৎকণ্ঠা, বিকল্প হিচাপে নিৰ্বাচকৰ নজৰত কোন?

আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া T-20 আন্তঃৰাষ্ট্ৰীয় ছিৰিজৰ পূৰ্বে ভাৰতীয়...

হিটমেনক লৈ জল্পনা বন্ধ কৰক! BCCIৰ সচিবৰ আহ্বান

ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ চলি থকা জল্পনা-কল্পনাত ইন্ধন...

আজি জন্মাষ্টমীঃ অধৰ্ম বিনাশী প্ৰেম আৰু ধৰ্মৰ বাণী কঢ়িয়াই আজি আগমন ভগৱান শ্ৰীকৃষ্ণৰ

আজি জন্মাষ্টমী তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ; হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ...

ব্যক্তিগত দুচকীয়া বাহনক বাইক টেক্সি হিচাপে চলাবলৈ অনুমতি দিয়ক: সকলো ৰাজ্যলৈ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ আহ্বান

ব্যক্তিগত দুচকীয়া বাহনৰ গৰাকীসকলক যাত্ৰী কঢ়িওৱাৰ উদ্দেশ্যে ‘বাইক টেক্সি’...