ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ চলি থকা জল্পনা-কল্পনাত ইন্ধন নিদিবলৈ আহ্বান জনাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) সচিব দেৱজিৎ শইকীয়াই। ৰোহিত বৰ্তমানো সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আছে বুলি উল্লেখ কৰি তেওঁৰ এদিনীয়া দলত স্থানক লৈ কোনো তাৎক্ষণিক সংকট নাই বুলি স্পষ্ট ইংগিত দিছে BCCI সচিবজনে। মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত BCCIৰ উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকৰ পাছত দেৱজিৎ শইকীয়াই কয়, ৰোহিত শৰ্মাই প্ৰতিখন মেচতে সুন্দৰকৈ খেলি আছে। শেহতীয়াকৈ খেলা এখন মেচত তেওঁ ১৩৮ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল। এনে প্ৰদৰ্শনৰ পাছতো ৰোহিতৰ ভৱিষ্যৎক লৈ কিয় জল্পনা-কল্পনা চলিছে বুলিও প্ৰশ্ন উত্থাপন কৰে তেওঁ।
শইকীয়াৰ ভাষ্য অনুসৰি, ৰোহিতৰ প্ৰদৰ্শনক লৈ কোনো সন্দেহৰ অৱকাশ নাই আৰু তেওঁৰ ভৱিষ্যৎক লৈ চলি থকা জল্পনাক অধিক গুৰুত্ব দিব নালাগে। উল্লেখযোগ্য যে, ৰোহিত শৰ্মাৰ এদিনীয়া কেৰিয়াৰক লৈ পুনৰ চৰ্চা তীব্ৰ হৈ থকাৰ সময়তে BCCI সচিবজনৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইফালে, বৃহস্পতিবাৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠকখনত উপস্থিত আছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, এদিনীয়া দলৰ অধিনায়ক শুভমন গিল, T-20 দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ, BCCIৰ সভাপতি মিথুন মানহাছ আৰু সচিব দেৱজিৎ শইকীয়া। অৱশ্যে মুখ্য নিৰ্বাচক অজিত আগৰকাৰ বৈঠকখনত উপস্থিত নাছিল। তেওঁৰ কাৰ্যকাল চলিত বছৰৰ অক্টোবৰত অন্ত পৰাৰ কথা।
দেৱজিৎ শইকীয়াই লগতে স্পষ্ট কৰে যে এই বৈঠকখন কোনো নিৰ্বাচনী বৈঠক নাছিল। নিয়মীয়া বৈঠক হিচাপেই অনুষ্ঠিত হোৱা এই আলোচনাত ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণত ভাৰতীয় দলৰ প্ৰদৰ্শন, লগতে আগন্তুক এটা বছৰৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হয়। তেওঁ কয় যে ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক সময়ৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা হৈছে। ২০২৭ চনত দলটোৱে যাতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব পাৰে, তাৰ বাবে এতিয়াৰ পৰাই বিভিন্ন পৰিকল্পনা আৰু প্ৰস্তুতি চলোৱা হ’ব। সেয়ে ৰোহিত শৰ্মাৰ অৱসৰক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে BCCI সচিবৰ মন্তব্যই এটা কথাই স্পষ্ট কৰিছে, এই মুহূৰ্তত ৰোহিতৰ স্থানক লৈ কোনো তাৎক্ষণিক চিন্তাৰ কাৰণ নাই।
