আজি জন্মাষ্টমী তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ; হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত সমগ্ৰ দেশজুৰি পালন কৰা হয় কৃষ্ণ জন্মোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কেৱল এক ধৰ্মীয় কাহিনী ন’হয়। অন্যায়, অত্যাচাৰ আৰু অধৰ্মৰ বিৰুদ্ধে ধৰ্ম প্ৰতিষ্ঠাৰ উদ্দেশ্য শ্ৰীকৃষ্ণৰ অৱতাৰ হৈছিল বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস। সেয়েহে জন্মাষ্টমী সত্য, ন্যায় আৰু মানৱীয় মূল্যবোধৰ প্ৰতীক বুলিও ক’ব পাৰি।
অত্যাচাৰী কংসৰ শাসনত জৰ্জৰিত মথুৰাৰ এক কাৰাগাৰৰ অন্ধকাৰত জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। শ্ৰীকৃষ্ণৰ জন্মই অন্ধকাৰৰ মাজতে সৃষ্টি কৰিছিল আশাৰ ৰেঙনি। শ্ৰীকৃষ্ণৰ জীৱনৰ প্ৰত্যেকটো অধ্যায়তে যেন লুকাই আছে জীৱনৰ এটা এটা শিক্ষা। শৈশৱৰ দুষ্টালিৰ মাজত আছিল নিৰ্মলতা, বৃন্দাবনৰ বাঁহীৰ সুৰত আছিল প্ৰেম আৰু আনন্দ, কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনক প্ৰদান কৰা জ্ঞানৰ মাজত আছিল কৰ্তব্য আৰু জীৱনবোধৰ শিক্ষা। সেয়ে জন্মাষ্টমী কেৱল শ্ৰীকৃষ্ণৰ জন্মতিথি পালন নহয়; এয়া হৈছে মানুহৰ নিজৰ ভিতৰত থকা অন্ধকাৰ আঁতৰাই সত্য, ন্যায়, প্ৰেম, কৰ্তব্য, সহিষ্ণুতা আৰু মানৱতাৰ আদৰ্শৰে জীৱনত আগবাঢ়ি যাবলৈ লোৱা সংকল্পৰো দিন।
ভাৰতৰ বিভিন্ন স্থানৰ লগতে সমান্তৰালভাবে অসমৰ নামঘৰ, সত্ৰ, মন্দিৰসমূহতো উলহ-মালহেৰে উদযাপন কৰা হৈছে জন্মাষ্টমী। নাম-প্ৰসংগ, ভাগৱত পাঠ, কৰ্তনেৰে মুখৰিত হৈছে অসমৰ আকাশ-বতাহ। বিভিন্ন বিদ্যালয়, প্ৰতিষ্ঠানসমূহতো পালন কৰা হৈছে জন্মাষ্টমী। আয়োজন কৰা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ। শ্ৰীকৃষ্ণৰ জীৱনৰ আদৰ্শৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক দিয়া হৈছে জ্ঞান। বিদ্যালয়ৰ এনে পদক্ষেপে নতুন প্ৰজন্মৰ মাজত ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য জীয়াৰ ৰখাৰ প্ৰচেষ্টা শলাগিবলগীয়া।
