ব্যক্তিগত দুচকীয়া বাহনক বাইক টেক্সি হিচাপে চলাবলৈ অনুমতি দিয়ক: সকলো ৰাজ্যলৈ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ আহ্বান

ব্যক্তিগত দুচকীয়া বাহনৰ গৰাকীসকলক যাত্ৰী কঢ়িওৱাৰ উদ্দেশ্যে ‘বাইক টেক্সি’ (Bike Taxi) চলোৱাৰ অনুমতি প্ৰদান কৰিবলৈ দেশৰ সকলো ৰাজ্য চৰকাৰক আহ্বান জনাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই ব্যৱস্থা কাৰ্যকৰী হ’লে সমগ্ৰ দেশত প্ৰায় ৮ কোটি লোকে নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব। বিশেষকৈ কৰ্মসংস্থাপনৰ সুযোগ সীমিত হৈ থকা গ্ৰামাঞ্চলসমূহত এই পদক্ষেপে বহু লোকক উপাৰ্জনৰ এক সবল বিকল্প পথ প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে।

মহাৰাষ্ট্ৰত চালক আৰু ঘাইপথ নিৰ্মাণ শ্ৰমিকসকলৰ বাবে আয়োজিত ‘সুৰক্ষা’ নামৰ এক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। গাডকাৰীয়ে জনায় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ব্যক্তিগত স্কুটাৰ আৰু মটৰচাইকেলক যাত্ৰী পৰিবহণৰ বাবে অনুমোদন জনাইছে যদিও পৰিবহণ বিষয়টো ৰাজ্যৰ অধিকাৰভুক্ত (State Subject) হোৱাৰ বাবে বহু ৰাজ্যই এতিয়াও ইয়াক কাৰ্যকৰী কৰা নাই। সেয়েহে সাধাৰণ নাগৰিকৰ স্বাৰ্থ আৰু আত্মসংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰসমূহক নিজ নিজ ৰাজ্যত এই সেৱাৰ অনুমতি প্ৰদান কৰিবলৈ তেওঁ অনুৰোধ জনায়।

ইফালে পথ সুৰক্ষা বৃদ্ধি আৰু নিয়ম উলংঘনকাৰী চালকসকলৰ ওপৰত কঠোৰ দৃষ্টি ৰখাৰ লক্ষ্যৰে মটৰ ভেহিকলছ এক্টৰ (Motor Vehicles Act) সংশোধন কৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। এই সংশোধনীৰ অধীনত ট্ৰেফিক নিয়ম উলংঘন কৰা অভ্যাসগত অপৰাধীসকলৰ বাবে এক ‘নিগেটিভ পইণ্ট ছিষ্টেম’ (Negative Point System) প্ৰৱৰ্তন কৰা হ’ব। প্ৰতিটো নিয়ম উলংঘনৰ বাবে চালকৰ পইণ্ট কৰ্তন কৰা হ’ব আৰু এক নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিলে সংশ্লিষ্ট চালকজনৰ ড্ৰাইভিং লাইচেঞ্চ নিলম্বন অথবা সম্পূৰ্ণৰূপে বাতিল কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় ১০ শতাংশ কৰ্মচাৰী কৰ্তনৰ সিদ্ধান্ত উবেৰৰ: সংস্থাপন হেৰুৱাব হাজাৰ হাজাৰ লোকে

বিশ্বৰ আগশাৰীৰ ৰাইড-শ্বেয়াৰিং তথা প্ৰযুক্তি প্ৰতিষ্ঠান উবেৰে (Uber) বিশ্বজুৰি...