বুমৰাহৰ ফিটনেছক লৈ উৎকণ্ঠা, বিকল্প হিচাপে নিৰ্বাচকৰ নজৰত কোন?

আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া T-20 আন্তঃৰাষ্ট্ৰীয় ছিৰিজৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট মহলৰ মূল আলোচনাৰ বিষয় হৈ পৰিছে যশপ্ৰীত বুমৰাহৰ ফিটনেছ। বুমৰাহৰ শাৰীৰিক অৱস্থাৰ প্ৰতিবেদনলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে নিৰ্বাচক আৰু টিম মেনেজমেণ্টে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, সকলো সম্ভাৱ্য পৰিস্থিতিৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক। বুমৰাহৰ বিকল্প হিচাপে ইতিমধ্যে প্ৰিন্স যাদৱৰ নামো বিবেচনালৈ আহিছে। ইফালে বুমৰাহৰ লগতে নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণায়ো এই সপ্তাহত মেচ ছিমুলেচন টেষ্টত অংশ ল’ব। ইয়াৰ পিছতে অহা ১০ ছেপ্টেম্বৰত দিল্লীত ভাৰতীয় দলটোৱে একত্ৰিত হোৱাৰ কথা। আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া ছিৰিজত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা প্ৰিন্স যাদৱে ইতিমধ্যে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে ২৫ জুলাইত জিম্বাবোৱেৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন T-20 মেচত হেমষ্ট্ৰিং আঘাত পোৱাৰ পিছত তেওঁ দলৰ পৰা আঁতৰি আছিল। এতিয়া ছেণ্টাৰ অৱ এক্সেলেন্সে তেওঁক সম্পূৰ্ণ ফিট বুলি ঘোষণা কৰিছে আৰু নিৰ্বাচনৰ বাবে উপলব্ধ বুলি জনোৱা হৈছে।

এই বছৰৰ আই পি এলৰ পিছৰ পৰা T-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰিন্সৰ প্ৰদৰ্শনো যথেষ্ট আকৰ্ষণীয়। এই সময়ছোৱাত তেওঁ ৯টা উইকেট দখল কৰাৰ লগতে ১৮.৭৭ৰ গড়ত বলিং কৰি নিজৰ সম্ভাৱনাৰ পৰিচয় দিছে। ফলত আগন্তুক সময়ত ভাৰতীয় দলৰ নিৰ্বাচনত তেওঁ গুৰুত্বপূৰ্ণ বিকল্প হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আনহাতে, বুমৰাহক লৈ টিম মেনেজমেণ্টৰ পৰিকল্পনা কেৱল T-20 ছিৰিজতে সীমাবদ্ধ নহয়। নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট ছিৰিজৰ পূৰ্বে বুমৰাহে অন্ততঃ এখন ফাৰ্ষ্ট-ক্লাছ মেচ খেলাটো বিচাৰিছে নিৰ্বাচক আৰু টিম মেনেজমেণ্টে।

উল্লেখযোগ্য যে, যোৱা নৱেম্বৰত গুৱাহাটীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ পিছৰে পৰা বুমৰাহে কোনো ৰেড-বল মেচ খেলা নাই। চলিত বছৰৰ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে দুখন এদিনীয়া মেচ খেলাৰ পিছত তেওঁ কেৱল টি-২০ ক্ৰিকেটতে অংশ লৈছিল। ইয়াৰ মাজতে আঁঠুৰ আঘাতে তেওঁক সমস্যাত পেলায়। সেয়ে আফগানিস্তানৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ পূৰ্বে বুমৰাহৰ ফিটনেছ পৰীক্ষাই এতিয়া ভাৰতীয় দলৰ পৰৱৰ্তী পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছে। বুমৰাহ সম্পূৰ্ণ ফিট নে নহয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰে দলৰ বলিং কম্বিনেচনৰ একাধিক দিশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিটমেনক লৈ জল্পনা বন্ধ কৰক! BCCIৰ সচিবৰ আহ্বান

ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ চলি থকা জল্পনা-কল্পনাত ইন্ধন...

আজি জন্মাষ্টমীঃ অধৰ্ম বিনাশী প্ৰেম আৰু ধৰ্মৰ বাণী কঢ়িয়াই আজি আগমন ভগৱান শ্ৰীকৃষ্ণৰ

আজি জন্মাষ্টমী তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ; হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ...

ব্যক্তিগত দুচকীয়া বাহনক বাইক টেক্সি হিচাপে চলাবলৈ অনুমতি দিয়ক: সকলো ৰাজ্যলৈ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ আহ্বান

ব্যক্তিগত দুচকীয়া বাহনৰ গৰাকীসকলক যাত্ৰী কঢ়িওৱাৰ উদ্দেশ্যে ‘বাইক টেক্সি’...