দোকানত এটা বস্তুৰ দাম দেখিলে ৯৯টকা। একেই বস্তুৰ দাম যদি ১০০টকা দেখিলে হেঁতেন, তেন্তে আপোনাৰ মনত কিবা এটা বেলেগ অনুভৱ হ’লহেঁতেন নেকি?
দুয়োটাৰ মাজত পাৰ্থক্য মাত্ৰ ১ টকা। কিন্তু আমাৰ মগজুৰ বাবে এই ১টকাই কেতিয়াবা ডাঙৰ পাৰ্থক্য সৃষ্টি কৰে।
ইয়াৰ আঁৰত আছে মানুহৰ দাম চোৱাৰ এক মানসিক প্ৰৱণতা। ৯৯টকা দেখিলে আমাৰ চকু প্ৰথমতে ‘৯’-ত ৰয়। অৰ্থাৎ দামটো ১০০টকাৰ তলত। আনহাতে ১০০টকা দেখাৰ লগে লগে আমি এটা নতুন সীমা পাৰ যেন অনুভৱ কৰোঁ। ইয়াক মনোবিজ্ঞানত ‘Left-Digit Effect’ বুলি কোৱা হয়।
একেই কাৰণতে ১,৯৯৯টকা দেখিলে ‘দুই হাজাৰৰ তলত’ বুলি সহজে মনত অনুভৱ কৰোঁ। বিশেষকৈ আপুনি যদি আগতেই ঠিক কৰি থৈছে ‘২,০০০টকাৰ বেছি খৰচ নকৰোঁ’—তেন্তে ১,৯৯৯টকা দামটো আপোনাৰ বাবে মানসিকভাৱে অধিক গ্ৰহণযোগ্য যেন লাগিব পাৰে।
কিন্তু ইয়াতেই শেষ নহয়।
৪৯৯টকা, ৯৯৯টকা, ১,৪৯৯টকা—এইধৰণৰ দাম আমি সাধাৰণতে Sale, Offer, Discount বা বিশেষ অফাৰৰ সৈতে বাৰে বাৰে দেখি আহিছোঁ। ফলত ৯-ত শেষ হোৱা দামটো দেখিলেই আমাৰ মনত ‘সস্তা’ বা ‘ভাল Deal’ৰ ধাৰণা এটা স্বাভাৱিকভাৱে আহিব পাৰে।
কিন্তু মনত ৰখা ভাল—৯৯৯টকা মানেই ভাল Deal নহয়।
দামটোৱে কেৱল আপোনাৰ ধাৰণা সলনি কৰিব পাৰে; সামগ্ৰীৰ প্ৰকৃত মূল্য সলনি নকৰে।
আনহাতে সকলো ব্ৰেণ্ডেই ৯-ত শেষ হোৱা দাম ব্যৱহাৰ নকৰে। Premium Restaurant, Hotel বা Luxury brand-এ বহু সময়ত ১,০০০টকা, ৫,০০০টকাৰ দৰে Round Number ব্যৱহাৰ কৰে। কাৰণ তাত লক্ষ্য ‘সস্তা’ বুলি অনুভৱ কৰোৱা নহয়, বৰং দামটোক পৰিষ্কাৰ, সহজ আৰু Premium হিচাপে উপস্থাপন কৰা।
গতিকে পৰৱৰ্তী সময়ত দোকানত ৯৯৯টকা দেখি ‘মাত্ৰ নশ টকা কিবা এটা’ বুলি মনত নাভাবিব।
সামগ্ৰীটো তেতিয়াও ১,০০০টকাৰেই ওচৰত। পাৰ্থক্য মাত্ৰ ১ টকা, কিন্তু সেই ১ টকাই আপোনাৰ মগজুৰ দাম চোৱাৰ ধৰণটো সলনি কৰি দিব পাৰে।
