২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ পদক জয় কৰিলে ভাৰতীয় শ্বুটাৰ নীৰু ধান্দাই। এই সাফল্যৰে প্ৰতিযোগিতাখনত ভাৰতৰ সোনৰ পদকৰ সংখ্যা ৫টালৈ বৃদ্ধি পালে। নীৰু ধান্দাই যোগ্যতা অৰ্জন আৰু ফাইনেল—দুয়োটা পৰ্যায়তে শীৰ্ষস্থান দখল কৰে। বৰষুণৰ মাজত অনুষ্ঠিত ৮গৰাকী শ্বুটাৰৰ ফাইনেলত তেওঁ ২৬ পইণ্ট সংগ্ৰহ কৰি সোনৰ পদক নিশ্চিত কৰে। চীনৰ ছান ইউনং আৰু কুৱেইটৰ হাজাৰ আব্দুলমালিকে ২১ পইণ্টকৈ লাভ কৰি যুটীয়াভাৱে ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে নীৰু ধান্দাই আশিমা আহলাৱত আৰু মানীষা কীৰৰ সৈতে মহিলাৰ ট্ৰেপ দলীয় ইভেণ্টতো ভাৰতক ৰূপৰ পদক অৰ্জনত সহায় কৰিছিল।
