ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে ৰাজ্যখনৰ কিউক্টাও টাউনশ্বিপত এখন বজাৰৰ সমীপত ম্যানমাৰ সেনাই চলোৱা বিমান আক্ৰমণত প্ৰায় ৪৯জন লোক নিহত হোৱাৰ লগতে ৫৮জন আহত হোৱা বুলি জানিব পৰা গৈছে।

কিউক্টাও ৰাখাইনৰ শক্তিশালী জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন আৰাকান আৰ্মাৰ নিয়ন্ত্ৰণাধীন অঞ্চল। ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ পশ্চিমে অৱস্থিত কিউক্টাওত এই আক্ৰমণ সংঘটিত হয়।

আৰাকান আৰ্মাৰ মতে, সোমবাৰে দুপৰীয়াৰ আশে-পাশে এখন যুঁজাৰু বিমানে স্থানীয় বজাৰৰ ওচৰত দুটাকৈ বোমা নিক্ষেপ কৰে। আক্ৰমণৰ সময়ত বজাৰত থকা বিক্ৰেতা, ক্ৰেতা আৰু পথচাৰীসকল হতাহত হয় বুলি সংগঠনটোৱে দাবী কৰিছে।

আৰাকান আৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, আক্ৰমণত ৫৮জন লোক আহত হৈছে আৰু ইয়াৰে ২২জনৰ অৱস্থা গুৰুতৰ। অৱশ্যে আক্ৰমণৰ সবিশেষ স্বাধীনভাৱে নিশ্চিত কৰাটো কঠিন বুলি সংগঠনটোৱে উল্লেখ কৰিছে।

ইফালে, ৰাখাইনৰ জ্যেষ্ঠ উদ্ধাৰকাৰী বিষয়া ৱাই হুন আঙেও হতাহতৰ সংখ্যা নিশ্চিত কৰিছে। তেওঁৰ মতে, আক্ৰমণ সংঘটিত হোৱা বজাৰখন অঞ্চলটোৰ অন্যতম গুৰুত্বপূৰ্ণ পাইকাৰী কেন্দ্ৰ। প্ৰতিদিনে ৰাখাইনৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী আৰু ক্ৰেতাৰ সমাগম ঘটে বজাৰখনত।

এই ঘটনাক ৰাখাইনৰ অন্যতম গুৰুতৰ বিমান আক্ৰমণ হিচাপে অভিহিত কৰা হৈছে। আক্ৰমণৰ পাছত অঞ্চলটোত উদ্ধাৰ অভিযান চলোৱাৰ লগতে আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ সামৰিক বাহিনীয়ে আং ছান ছ্যু কিৰ নেতৃত্বাধীন নিৰ্বাচিত চৰকাৰৰ পৰা ক্ষমতা দখল কৰাৰ পাছৰে পৰা দেশখনত অব্যাহত আছে গৃহসংঘাত আৰু ব্যাপক অস্থিৰতা। সামৰিক বাহিনী আৰু বিভিন্ন জনগোষ্ঠীয় তথা বিদ্ৰোহী সশস্ত্ৰ সংগঠনৰ মাজত চলি থকা সংঘাতৰ পৰিণতিত দেশখনত বিগত সময়ছোৱাত বহু সাধাৰণ নাগৰিকো হতাহত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ তহলদাৰী দলক এম্বুশ্ব; শ্বহীদ এজন জোৱান

ভাৰত-ম্যানমাৰ সীমান্তত মঙলবাৰে পুৱাই অসম ৰাইফলছৰ এটা তহলদাৰী দল...

মৰণক শৰণ দি শিক্ষাৰ সন্ধানত চেঙাজানৰ কণ কণ শিক্ষাৰ্থী

জোনাইৰ বৃহত্তৰ চেঙাজান অঞ্চলত আজিও দলঙৰ অভাৱত টুলুঙা নাৱেই...

যুৱ শক্তিৰ জয়গান

✒️ হীৰেন শৰ্মা সময় সলনি হৈছে। উন্নত প্ৰযুক্তিৰ হাতে হাত...

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...