ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ তহলদাৰী দলক এম্বুশ্ব; শ্বহীদ এজন জোৱান

ভাৰত-ম্যানমাৰ সীমান্তত মঙলবাৰে পুৱাই অসম ৰাইফলছৰ এটা তহলদাৰী দল এম্বুশ্বৰ সন্মুখীন হয়। এই আক্ৰমণত অসম ৰাইফলছৰ এজন জোৱান শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, পুৱা প্ৰায় ৬.৩০ বজাত নামপঙৰ সমীপত এই ঘটনা সংঘটিত হয়। ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ জোৱানসকলে তহল দি থকাৰ সময়তে তেওঁলোকক লক্ষ্য কৰি এম্বুশ্ব কৰা হয়।

এই আক্ৰমণৰ আঁৰত NSCN-K-YA (ইয়ুং আং গোট)ৰ কেডাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে আক্ৰমণৰ সৈতে জড়িত লোকসকলৰ বিষয়ে এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই।

আক্ৰমণৰ পাছতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। আক্ৰমণকাৰীৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰাৰ লগতে সীমান্ত অঞ্চলটোত তালাচী আৰু তহলদাৰী বৃদ্ধি কৰিছে।

উল্লেখ্য যে, ভাৰত-ম্যানমাৰ সীমান্তত চলি থকা সীমান্ত বেৰা নিৰ্মাণক কেন্দ্ৰ কৰি অঞ্চলটোত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। শেহতীয়া এম্বুশ্বৰ ঘটনাই সীমান্ত অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিক পুনৰ চৰ্চালৈ আনিছে।

ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে নিৰাপত্তা বাহিনীৰ আনুষ্ঠানিক বিবৃতিৰ অপেক্ষা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰণক শৰণ দি শিক্ষাৰ সন্ধানত চেঙাজানৰ কণ কণ শিক্ষাৰ্থী

জোনাইৰ বৃহত্তৰ চেঙাজান অঞ্চলত আজিও দলঙৰ অভাৱত টুলুঙা নাৱেই...

যুৱ শক্তিৰ জয়গান

✒️ হীৰেন শৰ্মা সময় সলনি হৈছে। উন্নত প্ৰযুক্তিৰ হাতে হাত...

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...