স্বাভিমানী অসমীয়া, বিলাসী গাড়ীত জিলিকিছে চিৰচেনেহী অসমীয়া ভাষা!

অসমৰ জাতীয় সংগীতৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ , সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীতলৈ।

অসমীয়াৰ স্বভিমান গামোচা খনৰ পৰা আৰম্ভ কৰি পৃথিৱী বিখ্যাত, অসম সম্পদ এহিঅংগীয়া গড়লৈ অংকন কৰা আছে এই বিশেষ গাড়ী খনত।

ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ গাড়ী কেইখনে কহিয়াই নিয়ে অসমীয়াৰ আৱেগ। সেইবাবে আজি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই গাড়ী কেইখন।


এই গাড়ী কেইখনৰ গৰাকী হৈছে হাসেন আলী। ২১ বছৰ বয়সত তেওঁ আছিল আনৰ ড্ৰাইভাৰ। কষ্ট , একাগ্ৰতা আৰু কৰ্মস্পৃহাৰ ফলত তেওঁ অতি কম বয়সতে আৰম্ভ কৰিছে ‘নৰ্থ ইষ্ট গেট ওৱে’ নামৰ এটা ট্ৰেভেল এজেঞ্চী।

আনৰ গাড়ী চলোৱা হাসেন আলী আজি ৬ খন গাড়ীৰ গৰাকী। বিদেশী পৰ্যটকে গাড়ীত উঠিলে গাড়ী খনৰ অংকন কৰা প্ৰতিটো বস্তু বুজাই দিয়ে চালক হাসেন আলীয়ে। সেইবাবে এই গাড়ী কেইখন আজি বিশেষ চৰ্চাত।

ইয়াৰ উপৰিও নিজৰ লগতে আন ১০ জনকো কৰ্মসংস্থাপন দিছে হাসেন আলীয়ে। কম বয়সতে চিন্তা আৰু কৰ্মদক্ষতাই তেওঁক অধিক সফলতাৰ বাট দেখুৱাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...