থলুৱাক বঞ্চনা, বহিৰাগতক দিয়া হৈছে নিযুক্তি!

যি সময়ত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে চৰকাৰী, ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানত ১০০ শতাংশ থলুৱা যুৱক-যুৱতীক নিযুক্তিৰ দাবী কৰি আহিছে, যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই বহিৰাজ্যত কৰ্মসংস্থাপনৰ সন্ধানত ঢাপলি মেলিছে, যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰিৰ অপেক্ষা কৰি আছে তেনে সময়তে কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দুখনকৈ প্ৰাথমিক বিদ্যালয়ত হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা অহা দুজনকৈ যুৱকৰ নিযুক্তিক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

২০২২ চনৰ ১৮ জানুৱাৰীত শিক্ষা বিভাগৰ ফালৰ পৰা নিযুক্তি লাভ কৰা সন্দিপ আৰু কৃষ্ণ কুমাৰ নামৰ যুৱক দুজনে কাকপথাৰ কাছিজান প্ৰাথমিক বিদ্যালয় আৰু ১নং হাতীগড় প্ৰাথমিক বিদ্যালয়ত একেজন ব্যক্তিৰ নামতে দুখনকৈ নিযু্ক্তি পত্ৰ লৈ থকাৰ সম্ভেদ লাভ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যুৱক দুজনক সোধা-পোছা কৰি কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক চমজাই দিয়ে ৷ গোবিন বৰা নামৰ এজন ব্যক্তিৰ ঠাইতে দুইজন বহিৰাজ্যৰ যুৱককে অসম চৰকাৰৰ শিক্ষা বিভাগে কেনেদৰে নিযুক্তি দিলে, সেইয়াও এক অবুজ সাথৰ ।

ইয়াৰ সমান্তৰালকৈ উজনি অসমৰ যোৰহাট, ডিব্ৰুগড় আদি কেইবাখনো জিলাৰ বিভিন্ন অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিঃৰাজ্যৰ যুৱকে যোগদান কৰিবলৈ অহাৰ কথাও উল্লেখ কৰিছে ৷ অনতিপলমে এনেদৰে ভুৱা নিযুক্তি পত্ৰ লাভ কৰি অসমীয়া প্ৰাথমিক বিদ্যালয়ৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি লাভ কৰা বিষয়টো মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীক উচিত তদন্তৰ দাবী জনায় যুৱ ছাত্ৰ পৰিষদে ৷ লগতে কোনো কাৰণতে শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়টোত বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দি কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা গ্ৰহণ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃত্বই ৷ অন্যথা আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতিয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...