ফেশ্যন আৰু গ্লেমাৰৰ জগতত সংযুক্তা দত্তৰ গৌৰৱোজ্বল ১০ বছৰ

ফেশ্বন আৰু গ্লেমাৰৰ জগতত আজি গৌৰৱোজ্জল ১০টা বছৰ সম্পূৰ্ণ কৰে অসম কণ্যা তথা খ্যাতিমান ডিজাইনাৰ সংযুক্তা দত্তই। এই দহ বছৰীয়া যাত্ৰাক উদযাপনৰ বাবে গুৱাহাটীৰ বেলতলাত অৱস্থিত “সংযুক্তা ষ্টুডিঅ”ত আজি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত বলীউডৰ বিশিষ্ট অভিনেত্ৰী সংগীতা বিজলানীকে ধৰি অসমৰ আগশাৰীৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, অসমৰ ৰেচম শিল্পক অধিক উন্নত প্ৰযুক্তিৰে মানসম্পন্ন কৰি তুলি বিশ্বৰ বিভিন্ন কোণলৈ প্ৰসাৰ কৰাত অগ্ৰনী ভূমিকা গ্ৰহণ কৰা ডিজাইনাৰ সকলৰ ভিতৰত সংযুক্তা দত্ত বিশেষভাবে উল্লেখযোগ্য এটা নাম । সংযুক্তা দত্তই অসমীয়া পাট-মুগাৰ চাদৰ-মেখেলাত নিজা সষ্টিশীলতাৰে বিভিন্নধৰণে ব্যতিক্ৰমী আৰু মনোগ্ৰাহী ডিজাইন কৰি দেশ-বিদেশৰ মডেলৰ দ্বাৰা অসমৰ হস্ততাঁত শিল্পক উন্নতধৰণে তুলি ধৰিছে।

হেৰাই যাব ধৰা অসমীয়াৰ ৰেচম শিল্পক পুনৰুদ্ধাৰত সংযুক্তা দত্তৰ অহোপুৰুষাৰ্থ বিশেষভাৱে মনকৰিবলগীয়া। আজিৰ পৰা প্ৰায় ১০ বছৰ পূৰ্বে সংযুক্তা দত্তৰ এই বিশেষ সপোনটোৱে পোখা মেলিছিল “সংযুুক্তা ষ্টুডিঅ”ৰ পৰা। তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাই খুউব কমদিনতে সকলোৰে দৃষ্টিও কাঢ়িছে। সেয়ে ১০ বছৰীয়া বৰ্ষপূৰ্তিত আজি “সংযুক্তা ষ্টুডিঅ”ত ডিজাইনাৰ গৰাকীৰ অনুৰাগী সকলৰ মাজত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ভাগ লৈ ডিজাইনাৰ সংযুক্তা দত্তক উৎসাহিত কৰাৰ প্ৰয়াসেৰে মুম্বাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হয়হি বলীউড অভিনেত্ৰী সংগীতা বিজলানী। সংযুক্তা দত্তৰ এই পৃথক আৰু বিশ্বমুখী শিল্প-যাত্ৰালৈ শুভেচ্ছা জ্ঞাপন কৰি বলীউডৰ জনপ্ৰিয় আৰু ব্যক্তিত্বসম্পন্ন অভিনেত্ৰী সংগীতা বিজলানীয়ে কয় যে “সংযুক্তা বহু উদ্যোগী আৰু উদ্যমী মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ” মনকৰিবলগীয়া কথা এই যে, সংযুক্তাই ডিজাইনিঙক পেছা হিচাপে বাছি লোৱাৰ পূৰ্বে তেওঁ আছিল এগৰাকী অভিযন্তা। ইঞ্জিনীয়াৰিঙৰ ক্ষেত্ৰখনৰ পৰা ডিজাইনিঙলৈ কৰা বিপৰীতমুখী যাত্ৰা ইমান সহজ নহ’লেও ঐকান্তিক আগ্ৰহ আৰু প্ৰচেষ্টাত তেওঁ কিন্তু সকলো কাম কমদিনতে আয়ত্তলৈ আনিছিল।

বিভিন্ন পৰম্পৰাগত আৰু বিভিন্ন প্ৰিণ্টৰ সংমিশ্ৰণত তেওঁ কাপোৰত ডিজাইন কৰিবলৈ ধৰে। ডিজাইনিঙৰ বাবে বাছি লয় অসমৰ ৰেচমী কাপোৰক। মেখেলা-চাদৰতেই বিশেষকৈ তেওঁ ডিজাইন কৰিবলৈ ধৰে আৰু লাহে লাহে তেওঁৰ ডিজাইনে সকলোৰে সমাদৰ লাভ কৰিবলৈ ল’লে। উল্লেখ্য যে, সংযুক্তা দত্তই প্ৰথমগৰাকী অসমীয়া ডিজাইনাৰ যিয়ে Lakme Fashion Week-ত অসমৰ ৰেচমী শিল্পক তুলি ধৰে। কেৱল ভাৰততেই নহয় বহু ফেশ্বন উইকত তেওঁ অংশগ্ৰহণ কৰিছে। বিশেষকৈ FDCI, লণ্ডন ফেশ্বন উইক আৰু শেহতীয়াকৈ সংযুক্তাই নিউৱৰ্ক ফেশ্বন উইকতো অংশগ্ৰহণ কৰিছে ৷ নিউৱৰ্ক ফেশ্বন উইক ডিজাইনাৰসকলৰ বাবে এনে এক প্লেটফৰ্ম য’ত বিশ্বৰ বিভিন্ন স্থানৰ পৰা ডিজাইনাৰসকল আহি উপস্থিত হয় আৰু তেওঁলোকে নিজা ডিজাইনসমূহ তুলি ধৰে। সেই ফেশ্বন উইকতেই বহুতেই সংযুক্তাই ডিজাইন কৰা কাপোৰৰ উচ্চ প্ৰশংসা কৰে। তদুপৰি দেশ-বিদেশৰ বহুকেইখন বাতৰি কাকত, আলোচনীত সংযুক্তাৰ ডিজাইনৰ উচ্চ প্ৰশংসা হয়। ইফালে সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ জিলিকি উঠিছিল কাঁ মহোৎসৱতো। সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ পিন্ধিয়েই ৰেড কাৰ্পেটত খোজ দিছিল কেইবাগৰাকীও জনপ্ৰিয় মডেলে।

শেহতীয়াকৈ ২০২৩ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত পেৰিছ ফেশ্যন উইকতো জিলিকি উঠিছিল সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া ৰেচম শিল্প তথা অসমীয়া মহিলাৰ আৱেগ মেখেলা-চাদৰ। এনে এগৰাকী উদ্যোগী আৰু সাহসী মহিলাৰ ডিজাইন প্ৰতিষ্ঠানে আজি দহবছৰ অতিক্ৰম কৰাত তেওঁৰ অনুৰাগীসকলৰ মাজত স্বাভাৱিকতেই আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হোৱাত ৰাজ্যখনৰ প্ৰায় সকলো ক্ষেত্ৰৰ লোকসকল তেওঁৰ গৃহত উপস্থিত হৈ উষ্ম আদৰণি আৰু অভিনন্দন জনায়।

NKTV Digital
Author: NKTV Digital

280 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...