গুৱাহাটীৰ যান-জঁটকলৈ প্ৰীতি জিণ্টাৰ টুইট

শনিবাৰে বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শন কৰে। ৫ এপ্ৰিলত আইপিএলৰ নিজ দল পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলখন চাবলৈ বৰষাপাৰা ষ্টেডিয়ামত গৈছিল। পঞ্জাৱ কিংছৰ এগৰাকী স্বত্বাধিকাৰী হিচাপে নিজৰ দলটোক উৎসাহ দিবলৈ অসমলৈ অহাৰ লগতে খেলখন উপভোগ কৰে। তেওঁ খেলখনৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ এটা ভিডিঅ’টো সামাজিক মাধ্যম টুইটাৰত পোষ্ট কৰে।

উল্লেখনীয় যে, প্ৰীতি জিণ্টাৰ টুইটটোত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে গুৱাহাটীৰ ট্ৰেফিক জাম সম্পৰ্কে তেওঁক এটা ৰিপ্লাই কৰে যে, ‘‘আশা কৰোঁ আপুনি ট্ৰেফিক জাম উপভোগ কৰিছে।’’ এই মন্তব্যত প্ৰীতি জিণ্টাই ৰিপ্লাই কৰি গুৱাহাটীৰ জাম ভয়ংকৰ বুলি উল্লেখ কৰিলে। লগতে তেওঁৰ সেই দিনটো ট্ৰেফিক জামত আবদ্ধ হোৱাৰ নিজৰ অভিজ্ঞতাও ব্যক্ত কৰে।

প্ৰীতি জিণ্টাই ৰিপ্লাইত লিখে, ‘‘ট্ৰেফিক জাম ভয়ংকৰ আছিল, মন্দিৰলৈ যাওতে আমাক ২ ঘণ্টা সময় লগাৰ লগতে উভতি আহোতে পুনৰ ২ ঘন্টা আৰু খেলৰ বাবে ষ্টেডিয়ামলৈ যাওতে আৰু এঘণ্টা সময় লৈছিল। মই আধা খেল পোৱা নাছিলো কিন্তু কোনো আপত্তি নাই। মই মন্দিৰৰ বাবে ভ্ৰমণ কৰিছিলো। খেলখন আনুষংগিক আছিল।’’গুৱাহাটীৰ বিভিন্ন ঠাইত উৰণীয়া সেঁতু নিৰ্মাণ কৰি থকা হৈছে। মালিগাঁৱত এনে এক দীঘলীয়া উৰণীয়া সেঁতু নিৰ্মাণ হৈ আছে যাৰ বাবে সেই ঠাইত যান–বাহন বহু সময়লৈকে আৱদ্ধ হৈ থাকিব লগাত পৰে। সেই পথৰে যোৱা পথচাৰীয়ে নিজ গন্তব্যস্থানলৈ যাওঁতে অশেষ পলম হয়। অভিনেত্ৰী প্ৰীতি জিণ্টাও কামাখ্যা মন্দিৰলৈ যাওতে একেই জামতে আৱদ্ধ হ’বলগা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...

বছৰি ১৫ হাজাৰ টকা দিব EPFOই; কৰ্মচাৰীক সকাহ দিয়াৰ বাবে চৰকাৰে আৰম্ভ কৰিলে নতুন আঁচনি!

চাকৰিজীৱীসকলৰ বাবে অলপ সকাহৰ খবৰ। তেওঁলোকৰ বাবে এইবাৰ এখন...