প্ৰধানমন্ত্ৰী গতিশক্তিৰ ৰূপায়ণ সম্পৰ্কত ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ উপযোগ আৰু ভূ-তথ্য প্ৰতিষ্ঠানৰ সৈতে বৈঠক মন্ত্ৰী অশোক সিংহলৰ

0 47

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ উপযোগ আৰু ভূ-তথ্য প্ৰতিষ্ঠান’ (বিআইএছএজি-এন)ৰ সঞ্চালকপ্ৰধান টি পি সিঙৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। মূলতঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ বিভিন্ন শাখাৰ কাম-কাজৰ মাজত সমন্বয় স্থাপন কৰা আৰু এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী গতিশক্তি পৰ্টেলক উপযুক্ত ৰূপত ব্যৱহাৰ কৰা সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত বিভাগৰ শীৰ্ষ বিষয়ববীয়াসকলৰ লগতে গুৱাহাটীভিত্তিক বিভিন্ন সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন চহৰাঞ্চলত হাতত লোৱা উন্নয়নমূলক কাম-কাজ, প্ৰধানতঃ পথ নিৰ্মাণ, পানীৰ নল বহুওৱা, নলা নিৰ্মাণ আদিৰ যাৱতীয় তথ্য ভৌগোলিক তথ্য প্ৰযুক্তিৰ প্ৰয়োগেৰে সঠিক আৰু উপযুক্ত ৰূপত প্ৰধানমন্ত্ৰী গতিশক্তি পৰ্টেলত আপলোড কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে, যাতে পৰৱৰ্তী সময়ত এই তথ্যৰ আধাৰত অন্যান্য কাম-কাজ ৰূপায়ণৰ ক্ষেত্ৰত আন্তঃবিভাগীয় সমন্বয় ৰক্ষাত সহায়ক হয়। মন্ত্ৰী সিংহলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ উপযোগ আৰু ভূ-তথ্য প্ৰতিষ্ঠান’ৰ সঞ্চালকপ্ৰধানগৰাকীয়ে এইক্ষেত্ৰত সকলোধৰণৰ প্ৰয়োজনীয় কাৰিকৰী সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ২০০১ চনৰ ১৩ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মুখ্য আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় জটিলতাসমূহ আঁতৰোৱাৰ লগতে অংশীদাৰসকলৰ বাবে সামগ্ৰিক পৰিকল্পনাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ দৃষ্টিভংগীৰে ‘প্ৰধানমন্ত্ৰী গতিশক্তি’ প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল। ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন’ (এনএমপি) হৈছে ‘জিআইএছ’ আধাৰিত প্ৰযুক্তিৰ বিকাশ আৰু বহুমুখী আন্তঃগাঁথনি তথা অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ সুসংগত বিকাশৰ বাবে বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ প্ৰচেষ্টা একত্ৰিত কৰাৰ বাবে এক প্ৰাতিষ্ঠানিক প্ৰণালী। ই হৈছে ‘ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ উপযোগ আৰু ভূ-তথ্য প্ৰতিষ্ঠান’ (বিআইএছএজি-এন)ৰ সহযোগিতাৰে বিকশিত এক একত্ৰ মঞ্চ। ভূমি অভিলেখ, পথ, ৰে’লপথ, অৰ্থনীতি ক্ষেত্ৰ আৰু ঔদ্যোগিক ক্ষেত্ৰৰ দৰে ১৩০০+ ‘জিআইএছ’ স্তৰ একত্ৰিত হোৱাৰ লগতে এই মঞ্চখনক সকলো কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰি আছে, যাৰ ফলত প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণৰ গতি দ্ৰুত হোৱাৰ উপৰি ব্যয় হ্ৰাস, দক্ষতা বৃদ্ধি, আৰু জনকল্যাণৰ পৰিসৰ বৃদ্ধি হৈছে।

Leave A Reply

Your email address will not be published.