১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল

0 140

জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
১০ মে’ৰ পৰা আৰম্ভ হ’ব আয়ুস্মান অসম আঁচনি
‘১ কোটি ১০ লাখ লোকৰ বাবে আয়ুস্মান অসমৰ কাৰ্ড সাজু’
‘প্ৰধানমন্ত্ৰীৰ ১৪ এপ্ৰিলত প্ৰতীকীভাৱে আঁচনিৰ আৰম্ভণি কৰিব’
‘প্ৰধানমন্ত্ৰীয়ে চিকিৎসা অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব’
‘নলবাৰী, নগাঁও, কোকৰাঝাৰ মেডিকেল কলেজৰো আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে’
‘গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত ল’ব অংশ’
‘কইনাধৰাৰ অতিথিশালাত জিৰণি ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে’
‘আবেলি ৪:৪৫ বজাত সৰুসজাইত বিহুৰ অনুষ্ঠান আৰম্ভ হ’ব’
‘প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব’
‘এই অনুষ্ঠানতে নামৰূপৰ মিথানল প্ৰকল্পৰ শুভাৰম্ভ কৰিব’
‘১৭০৯ কোটি টকা ব্যয় সাপেক্ষে এই মিথানল প্ৰকল্প’
সমগ্ৰ দেশৰ লগতে চুবুৰীয়া ৰাজ্যলৈ মিথানল ৰপ্তানি কৰিব
‘অসম চৰকাৰ আৰু অইল ইণ্ডিয়াৰ যৌথ উদ্যোগত এই প্ৰতিষ্ঠান’
‘অসম পেট্ৰ’ কেমিকেলৰ উদ্যোগত এই উদ্যোগ স্থাপন’
‘প্ৰধানমন্ত্ৰীয়ে ৰংঘৰৰ সৌন্দৰ্যৱৰ্ধনৰ আঁচনিৰো আৰম্ভ কৰিব’
‘সৰুসজাইৰ পৰা এই উদ্বোধনী অনুষ্ঠানত অংশ ল’ব মোদীয়ে’
‘ৰংঘৰ পৰিষৰৰ সম্প্ৰসাৰণৰ ভূমি অধিগ্ৰহণ সম্পূৰ্ণ হৈছে’
‘প্ৰধানমন্ত্ৰীয়ে পলাশবাৰী-শুৱালকুছি দলঙৰ আধাৰশিলা কৰিব’
‘৩১৯৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব দলংখন’
‘দলংখনৰ বাবে সকলো যাৱতীয় অনুমোদন চৰকাৰে লাভ কৰিছে’
‘এই বছৰৰ শেষৰ ফালে নাৰেংগী-কুৰুৱা দলং নিৰ্মাণ আৰম্ভ কৰাৰ পৰিকল্পনা’
‘অহা মাৰ্চ মাহত গুৱাহাটী-উঃ গুৱাহাটীৰ দলং মুকলি কৰাৰ পৰিকল্পনা’
‘১১, ১২, ১৩ এপ্ৰিলত সৰুসজাই বিহুৱা-নাচনীৰ ড্ৰেছ ৰিহাৰ্ছেল’
কাইলৈ নিশাৰ পূৰ্বেই গুৱাহাটী পাবহি ১১,০১০ গৰাকী বিহুৱা-নাচনী
‘সৰুসজাইৰ পৰা অসমবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে’
‘১১ এপ্ৰিলৰ পৰা কলাক্ষেত্ৰত বিহুৰ পাছ প্ৰদান কৰিব’
১০ হাজাৰ প্ৰৱেশ পত্ৰহে ৰাইজৰ বাবে দিব পৰা যাব : মুখ্যমন্ত্ৰী
‘১১, ১২, ১৩ এপ্ৰিল সৰুসজাই বাবে মুকলি থাকিব’
‘প্ৰতিদিনে ৪:৩০ বজাৰ পৰা ৬:৩০ বজালৈ ৩ বাৰ বিহু প্ৰদৰ্শন’
‘ইচ্ছুকসকলে এই ৩ দিনত বিহু উপভোগ কৰিব পাৰিব’
‘মূল অনুষ্ঠানৰ বাবে কলাক্ষেত্ৰৰ পৰা পাছ সংগ্ৰহ কৰিব লাগিব’
‘১৫ এপ্ৰিলত বিহুৱা-নাচনী ঘৰলৈ উভতিব’
‘অসমৰ বিহুক লৈ দেশৰ বিভিন্ন ৰাজ্যত চৰকাৰৰ প্ৰচাৰ অভিযান’
‘১৪ এপ্ৰিলত যান-জঁটৰ আশংকা মুখ্যমন্ত্ৰীৰ’
‘উজনিলৈ যোৱা ট্ৰাক মঙলদৈ হৈ নগাঁৱলৈ যাব’
‘কোকৰাঝাৰলৈ যোৱা ট্ৰাক কলিয়াবৰ হৈ ৰাওনা হ’ব’
‘গুৱাহাটীলৈ অহা ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথত ৰখোৱাৰ ব্যৱস্থা কৰিব’
‘সাধাৰণ লোকৰ যান-বাহন বাছৰ চলাচল অব্যাহত থাকিব’
‘চাংসাৰি, সৰুসজাই,কলাক্ষেত্ৰত অনুষ্ঠানৰ সময়ত কিছু বাধা-নিষেধ থাকিব’
‘অতি জৰুৰী নহ’লে এই সময়ছোৱাত ভ্ৰমণ পৰিহাৰ কৰিবলৈ আহ্বান’
‘প্ৰধানমন্ত্ৰীৰ একাধিক কাৰ্যসুচীৰ বাবে অন্যান্য VVIP আমন্ত্ৰণৰ পৰিকল্পনা বাদ দিয়া হৈছে’
‘দৈনিক ১০০০ টকাৰ ভাৰাৰ সকলো কোঠা বুক কৰিব’
‘জিলা বিহুদলসকলৰ সৈতে চিকিৎসক আৰু দণ্ডাধীশ আহিব’
‘নাচনী-বিহুৱাৰ একাউণ্টছত ইতিমধ্যে ধন আদায় দিয়া হৈছে’
‘নুমলীগড় শোধনাগাৰৰ পিছতে অসমত মিথানল প্ৰকল্প প্ৰথম বৃহৎ বিনিয়োগ’
‘চৰকাৰে অসম পেট্ৰ’ কেমিকেল্ছ, নুমলীগড় শোধনাগাৰত বিনিয়োগ কৰিছে’
‘অসম চৰকাৰে মহানগৰ গেছ সংযোগৰ বাবেও বৃহৎ বিনিয়োগ কৰিছে’
‘সৌৰশক্তি প্ৰকল্পৰ বাবেও অসম চৰকাৰে বৃহৎ বিনিয়োগ কৰিছে’
‘উত্তৰ প্ৰদেশত বিদ্যুৎ প্ৰকল্পৰ বাবেও অসম চৰকাৰে বিনিয়োগৰ ব্যৱস্থা কৰিছে’
‘নিউভেলী লিগনাইটৰ সৈতে যৌথ খণ্ডত এই বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব’
‘১০ মে’ত নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰ মুকলি কৰা হ’ব’

Leave A Reply

Your email address will not be published.