গঁড় সংৰক্ষণৰ সফলতাৰ কাহিনী বিশ্বজুৰি চৰ্চা

গঁড় দিৱসৰ দিনটোত বিশ্বজুৰি চৰ্চিত হৈছে কাজিৰঙাৰ গঁড় সংৰক্ষণৰ সফলতাৰ কাহিনী। ১৯০৫ চনত প্রায় ৭৫টা গঁড়হে বাচি আছিল কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত। ২০২২ চনত এই সংখ্যা বৃদ্ধি হ’ল ২,৬১৩টালৈ। এটা সময়ত চোৰাংচিকাৰ, বিনা কাৰণত বন্য জীৱৰ হত্যা আৰু বানপানী আদি দুৰ্যোগৰ বাবে বিশ্বৰ মানচিত্রৰ পৰা এশিঙীয়া গঁড় নিশ্চিহ্ন হোৱাৰ উপক্রম ঘটিছিল। ভাৰত–নেপাল, ম্যানমাৰকে ধৰি দক্ষিণ–পূব এছিয়াৰ বৃহৎ এলেকাত এশিঙীয়া গঁড় নিশ্চিহ্নপ্রায় হোৱাৰ পিছত ব্রিটিছৰ উদ্যাগত আৰম্ভ হৈছিল সংৰক্ষণ প্রক্রিয়া। ২০২২ চনৰ জৰীপত ২,৬১৩ গঁড় পোৱাৰ বিপৰীতে ২০০৮ চনত উদ্যানখনত পোৱা গৈছিল ২,৪১৩টা গঁড়। মাত্র ৪টা বছৰত গঁড়ৰ এই সংখ্যা বৃদ্ধি আছিল উৎসাহজনক।
১৯৯১ চনত কাজিৰঙাত গঁড়ৰ সংখ্যা আছিল ১২৭৩টা। ২০২২ চনত কাজিৰঙাত এই সংখ্যা ২৬১৩টালৈ বৃদ্ধি হোৱাৰ বিপৰীতে মানস আৰু ওৰাং সামৰি সমগ্র অসমত গঁড়ৰ সংখ্যা ২৮৯৫টা বৃদ্ধি পায়।


চন গঁড়ৰ সংখ্যা
১৯৯১ ১২৭৩টা
১৯৯৩ ১৩২৯টা
১৯৯৯ ১৬৭২টা
২০০৬ ২০০৫টা
২০০৯ ২২০১টা
২০১২ ২৫০৫টা
২০১৫ ২৬২৪টা
২০১৮ ২৬৫০টা
২০২২ ২৮৯৫টা
লক্ষণীয়ভাৱে যোৱা এটা দশকত হ্রাস পাইছে গঁড়ৰ চোৰাংচিকাৰৰ সংখ্যা। ২০১৩ চনত ২৭টা গঁড় চোৰাংচিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে ২০২১ আৰু ২০২২ বৰ্ষত মাত্র এটাকৈ গঁড়হে চোৰাংচিকাৰীৰ আক্রমণত নিহত হৈছে।


বছৰ চোৰাংচিকাৰৰ সংখ্যা
২০১৩ ২৭
২০১৪ ২৭
২০১৫ ১৭
২০১৬ ১৮
২০১৭ ০৬
২০১৮ ০৬
২০১৯ ০৩
২০২০ ০২
২০২১ ০১
২০২২ ০১
বিশ্ব গঁড় দিৱসৰ দিনটোত কাজিৰঙা আৰু ওৰাং ৰাষ্ট্রীয় উদ্যানত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী। গঁড় হত্যাৰ সংখ্যা শূন্য কৰাৰ বাবে বন বিভাগে চলিত বৰ্ষৰ আৰম্ভণিতে এক বিশেষ আঁচনি গ্রহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...