কংগ্ৰেছৰ ভেঁটি কঁপাবলৈ বিজেপিৰ নতুন ৰণকৌশল!

গোৱাৰ কংগ্ৰেছৰ ভেঁটি কঁপাবলৈ বিজেপিৰ নতুন ৰণকৌশল। কিয়নো, দুই কংগ্ৰেছী বিধায়কে বিজেপিৰে মিলি দল বিভাজনৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বিস্ফোৰক অভিযোগ গোৱা কংগ্ৰেছৰ তত্বাৱধায়ক দিনেশ গুণ্ডুৰাও। অভিযোগ এইকাৰণেই উত্থাপন হৈছে যে, ইতিমধ্যে গোৱা কংগ্ৰেছৰ ১১জন বিধায়কৰ ৫জন বিধায়কে বিজেপিত যোগদানৰ খবৰ এতিয়া চৰ্চাত। দল বিভাজনৰ এই বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছে দলৰ বিধায়ক দিগম্বৰ কামাত আৰু মাইকেল লোবোৰ বিৰুদ্ধে। ইতিমধ্যে এই ‍খবৰৰ মাজতেই কংগ্ৰেছে দলত্যাগ বিৰোধী আইনৰ অধীনত বিধায়ক দিগম্বৰ কামাত আৰু মাইকেল লোৱোক দলৰ অযোগ্য ঘোষণা কৰাৰ দাবী উত্থাপন কৰি আবেদন দাখিল কৰিছে কংগ্ৰেছ অধ্যক্ষৰ ওচৰত। উল্লেখ্যযোগ্য যে, দলৰ ভেঁটি সুদৃঢ় কৰিবলৈ কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে গোৱালৈ প্ৰেৰণ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মুকুল ৱাচনিকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...