কংগ্ৰেছৰ ভেঁটি কঁপাবলৈ বিজেপিৰ নতুন ৰণকৌশল!

গোৱাৰ কংগ্ৰেছৰ ভেঁটি কঁপাবলৈ বিজেপিৰ নতুন ৰণকৌশল। কিয়নো, দুই কংগ্ৰেছী বিধায়কে বিজেপিৰে মিলি দল বিভাজনৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বিস্ফোৰক অভিযোগ গোৱা কংগ্ৰেছৰ তত্বাৱধায়ক দিনেশ গুণ্ডুৰাও। অভিযোগ এইকাৰণেই উত্থাপন হৈছে যে, ইতিমধ্যে গোৱা কংগ্ৰেছৰ ১১জন বিধায়কৰ ৫জন বিধায়কে বিজেপিত যোগদানৰ খবৰ এতিয়া চৰ্চাত। দল বিভাজনৰ এই বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছে দলৰ বিধায়ক দিগম্বৰ কামাত আৰু মাইকেল লোবোৰ বিৰুদ্ধে। ইতিমধ্যে এই ‍খবৰৰ মাজতেই কংগ্ৰেছে দলত্যাগ বিৰোধী আইনৰ অধীনত বিধায়ক দিগম্বৰ কামাত আৰু মাইকেল লোৱোক দলৰ অযোগ্য ঘোষণা কৰাৰ দাবী উত্থাপন কৰি আবেদন দাখিল কৰিছে কংগ্ৰেছ অধ্যক্ষৰ ওচৰত। উল্লেখ্যযোগ্য যে, দলৰ ভেঁটি সুদৃঢ় কৰিবলৈ কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে গোৱালৈ প্ৰেৰণ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মুকুল ৱাচনিকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...