বানত ক্ষতিগ্ৰস্ত ১৮ হাজাৰ পৰিয়ালে লাভ কৰিব সাহায্য, ঘোষণা মুখ্যমন্ত্ৰীৰ

হোজাইত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে। হোজাইৰ ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বানত ক্ষতিগ্ৰস্ত ১৮ হাজাৰ পৰিয়ালে লাভ কৰিব সাহায্য। প্ৰতিটো পৰিয়ালক ৩,৮০০ টকাকৈ দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। বানত সম্পূৰ্ণৰূপে বাসগৃহ ক্ষতি হোৱা লোকে লাভ কৰিব ৯৫ হাজাৰকৈ টকা। হোজাইৰ ৰাইজে বিচৰাৰ দৰে নিৰ্মাণ হ’ব মথাউৰি। ৩৫ কিলোমিটাৰ দীঘল মথাউৰি নিৰ্মাণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। হোজাইত নিৰ্মাণ হ’ব ৬টাকৈ হাইলেণ্ড। বানাক্ৰান্তৰ সুবিধাৰ বাবে এবছৰৰ ভিতৰত হাইলেণ্ড নিৰ্মাণৰ নিৰ্দেশ উপায়ুক্তক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...