ফুৰিবলৈ যোৱাৰ কথা ভাবিছে নেকি? পৰ্যটকক হাতবাউলি মাতিছে হাফলঙে। পৰ্যটকক কিদৰে আকৰ্ষিত কৰে হাফলঙে?

নিশ্চয় আপুনি ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে। সকলোৱে আপোনজনৰ সৈতে একেলগে সময় কটোৱাৰ সপোন দেখে। আজৰি সময় কটোৱাৰ বাবেই হওক অথবা ভ্ৰমণ বিলাসৰ বাবেই হওক অসমৰ পৰা বহু লোকে অসমৰ বাহিৰৰ বহু অঞ্চল ভ্ৰমণ কৰে। বাহিৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সমানে সমানে প্ৰকৃতিয়ে অপৰূপ ৰূপত সজাই তুলিছে অসমকো। প্ৰাকৃতিক পৰিৱেশ আৰু অনাবিল প্ৰাকৃতিক সৌন্দৰ্য ভাল পোৱা সকলে বাচি লব পাৰে অসমৰ বিভিন্ন অঞ্চল। আজি ক’বলৈ লৈছো হাফলং চহৰৰ কথা। গুৱাহাটীৰ পৰা ভিষ্টাডম ৰে’লেৰে হাফলং চহৰ চোৱাৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই। গুৱাহাটী ষ্টেচনৰ পৰা পোনে পোনে হাফলঙত নামি চফৰ কৰিব পাৰে আপোনাৰ প্ৰিয় ঠাইখন। ৰে’লেৰে পোনপটীয়া সংযোগ থকাৰ লগতে বাছ অথবা নিজৰ গাড়ী বা বাইকেৰেও যোৱাৰ সুবিধা আছে হাফলঙলৈ।


কিয় সোঁত বৈছে হাফলঙলৈ, পৰ্যটকক কিদৰে আকৰ্ষিত কৰে হাফলঙে?


হাফলঙৰ ওচৰে-পাজৰে ভ্ৰমণ কৰিবলগীয়া কেইবাটাও স্থান আছে। ইয়াৰ ভিতৰত –


হাফলং হ্ৰদ : পৰ্যটকসকলৰ মাজত খুবেই জনপ্ৰিয় হ্ৰদ। খৰস্ৰোতা পানী বা কুলু কুলু সুৰেৰে বৈ অহা পানীৰ ঢল সকলোৰে প্ৰিয়। প্ৰাকৃতিক এই হ্ৰদত বিভিন্ন জলক্ৰীড়াকে ধৰি এক শান্ত পৰিৱেশত হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ইয়ালৈ আহে পৰ্যটকসকল।


বৰাইল হিলত পৰ্বতাৰোহণ : অসমৰ দ্বিতীয় উচ্চতম পাৰ্বত্যভূমি বুলি কোৱা হয় বৰাইলক। বৰাইল ৰেঞ্জত অৱস্থিত অসমৰ দ্বিতীয় উচ্চতম পাহাৰ বৰাইলৰ পৰা প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজি উপভোগ কৰিব পাৰি।


জাতিংগা উপত্যকা : হাফলং নগৰৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন সৰু গাঁও জাতিংগা। সাধাৰণতে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ ৰহস্যৰ বাবে বিখ্যাত এই অঞ্চলটো হৈ পৰে চৰ্চাৰ কেন্দ্ৰ।


মাইবং : ষষ্ঠদশ শতিকাৰ ডিমাচা ৰাজবংশৰ বুৰঞ্জী কঢ়িওৱা মাইবং হৈছে এখন বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ডিমাচা ৰাজবংশৰ ৰাজধানী হিচাবে জনাজাত এই ঠাইত বহু ভগ্নাৱশেষ দেখা পোৱা যায়। ঐতিহাসিক সমল বিচাৰি ফুৰা ভ্ৰমণকাৰীসকলে নিশ্চয় এই অঞ্চল ভ্ৰমিব পাৰে।


ফিয়াংপুই গীৰ্জা : হাফলঙৰ পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা। বৰদিনৰ পূৰ্বে বিশেষ প্ৰাৰ্থনা আয়োজনৰ লগতে আটকধুনীয়াকৈ সজাই তোলা হয় এই গীৰ্জাটো।

ইয়াৰ লগতে হাফলঙৰ স্থানীয় বজাৰ, ডিমাচা জনজাতিৰ জীৱনধাৰাও উপভোগ কৰিব পাৰে পৰ্যটকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...