টিহু হাস্পতালত স্বাস্থ্য মন্ত্ৰীৰ ছাডেন ভিজিট!

ক্ষুদ্ৰ ক্ষুদ্ৰ হাস্পতালসমূহত বহু ৰোগী নিৰ্ভৰ কৰে চিকিত্সাৰ বাবে। এই প্ৰাথমিক চিকিত্সালয়সমূহতে প্ৰথমে চিকিত্সাৰ বাবে উপস্থিত হয় সাধাৰণ লোকসকল।

এনে হাস্পতালসমূহ সীমিত সা-সুবিধাৰ মাজেৰে চলি থাকে অথবা উন্নীত কৰাৰ থল থাকে।

এনে কাৰণৰ বাবেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিশা ৯.৩০ বজাত হঠাৎ টিহু প্ৰাথমিক প্ৰেৰণ গোট (এফ আৰ ইউ)ত উপস্থিত হৈ চিকিৎসালয়খনৰ নৈশ পৰিৱেশ নিৰীক্ষণ কৰে।

এই আকস্মিক পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নৈশ দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছৰ সৈতে মত বিনিময় কৰি এফআৰইউখনত দৈনিক চিকিৎসাৰ বাবে অহা ৰোগীৰ বিষয়ে খবৰ কৰাৰ লগতে অসুবিধাৰাজীৰ বুজ লয়।

আগন্তুক দিনত অন্যান্য অঞ্চলতো এনে আকস্মিক পৰিদৰ্শন চলিব বুলি মন্তব্য প্ৰকাশ কৰে।

কভিডৰ বাবে সকলোকে সাৱধান হোৱাৰ আহ্বান স্বাস্থ্য মন্ত্ৰীগৰাকীৰ।

স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল কেইবাগৰাকী বিষয়া আৰু স্বাস্থ্য কৰ্মী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...