ওমিক্ৰনে লৈছে ভয়াৱহ ৰূপ, ব্ৰিটেইনত ১৪ সহস্ৰাধিক আক্ৰান্ত

ইউৰোপত অব্যাহত আছে ওমিক্ৰনৰ ভয়ংকৰ ৰূপ। একেদিনাই ওমিক্ৰনত ৩,২০১গৰাকী ৰোগী আক্ৰান্ত হৈছে ব্ৰিটেইনত। অভিলেখসংখ্যক একেদিনাই ৩ সহস্ৰাধিক লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। এইপৰ্যন্ত দেশখনত প্ৰায় ১৫ হাজাৰ লোক আক্ৰান্ত হৈছে ওমিক্ৰনত। ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই প্ৰকাশ কৰা অনুসৰি দৈনিক নতুন নতুন ঘটনা পোহৰলৈ আহিছে। শুকুৰবাৰে অভিলেখসংখ্যক ৯৩,০৪৫গৰাকী লোকে কভিড টেষ্ট কৰাইছে। ই একেৰাহে তৃতীয় দিনৰ বাবে সৰ্বাধিক সংখ্যক লোকে কভিড টেষ্ট কৰিছে। আনহাতে, দেশখনত কভিডত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যাও ১.১৯ কোটিলৈ বৃদ্ধি পাইছে। আনহাতে, ফ্ৰান্সতো ভয়াৱহ ৰূপ লৈছে কভিডে। দেশখনত ৬৫ হাজাৰৰো অধিক লোকৰ দেহত পোৱা গৈছে কভিড। আনহাতে, ডেনমাৰ্কত পোৱা গৈছে ওমিক্ৰনৰ নতুন প্ৰকাৰ। নৰৱেতো ওমিক্ৰনৰ নতুন প্ৰজাতি পোহৰলৈ অহাৰ পিছতে বৃদ্ধি পাইছে সংক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...