গহপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড, স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক!

গহপুৰৰ চন্দামাৰী বঙালী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক। স্বামী ৰাজেশ ওৰাঙে পত্নীক হত্যা কৰি পুতি থলে গাঁতত। উল্লেখ্য যে, মঙলবাৰে নিশা চন্দামাৰী বঙালী গাৱঁৰ ৰাজেশ ওৰাঙ নামৰ লোকজনে অত্যাধিক মদ্যপান কৰি আহি ঘৰৰসকলোকে মাৰধৰ কৰে। ৰাজেশে এখন পিৰাৰে পত্নীৰ মূৰত প্ৰহাৰ কৰাত মৃত্যু হয় পত্নী দময়ন্তী ওৰাঙৰ। ৰাজেশৰ মাৰধৰৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে মাতৃৰ।

মৃত পত্নীক এখন নদীৰ পাৰত পুতি থয় ৰাজেশ ওৰাঙে। কেইবাদিনো বিচাৰ খোচাৰ কৰাৰ অন্তত আজি পুৱা ঘৰৰ কাষেৰে বৈ যোৱা এখন নদীৰ পাৰত পুতি থোৱা অৱস্থাত মৃতদেহটি উদ্ধাৰ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজেশৰ ওপৰত নিজ পিতৃক হত্যা কৰাৰ অভিযোগ আছে। ঘটনাস্থলীত হেলেম আৰক্ষী,দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে আৰু কৰায়ত্ব কৰে স্বামী ৰাজেশ ওৰাঙক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...