জাতিগত প্ৰমাণ পত্ৰৰ স্থায়ী সমাধানৰ দাবীৰে আলোচনা চক্ৰৰ আয়োজন

জাতিগত প্ৰমাণ পত্ৰৰ স্থায়ী সমাধানৰ ব্যৱস্থাৰ দাবীৰে আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। ১৯ ডিচেম্বৰত যোৰহাট জিলাৰ মেলামাটিৰ ডফলাটিং চাহ বাগিছাত অনুষ্ঠিত হ’ব অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনী অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত আলোচনা সভা। আলোচনাৰ মূল বিষয়বস্তু হ’ব জাতিগত প্ৰমাণ পত্ৰৰ স্থায়ী সমাধানৰ ব্যৱস্থা। এই আলোচনালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জলহা সম্প্ৰদায়ৰ লোকসকলক আমন্ত্ৰণ জনাইছে অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে। আলোচনা চক্ৰত সকলোকে উপস্থিত থকাৰ আহ্বান উপ-সভাপতি আজিজুল হুছেইনৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ আৰম্ভ

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা...

ৰিয়ান পৰাগক অধিনায়কৰ দায়িত্ব ৰাজস্থান ৰয়েলছৰ

অসম আৰু অসমীয়াৰ বাবে ক্ৰীড়াক্ষেত্ৰৰ পৰা অহা আন এটা...

৪৮৯ দিনৰ পিছত প্ৰথমটো আন্তৰ্জাতিক জয় ভাৰতৰ…

সুনীল ছেত্ৰীয়ে ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক মানোলো মাৰ্কেজৰ অনুৰোধত...

মোৰ শত্ৰু বাঢ়িছে, মোক হত্যা কৰিব বিচৰা হৈছে : ইলন মাস্ক

ইলন মাস্কে ট্ৰাম্পৰ নতুন বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ...