তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা নদীখনৰ প্ৰতি জুবিনৰ আছিল এক গভীৰ আকৰ্ষণ। নদীখনৰ প্ৰতি তাৰ সেই আকুলতা আনৰ পৰা যেন অলপ পৃথকেই আছিল। পিছলৈ সেই জুবিনকেই সাগৰে সাৱতি ল’লে

১৯৮৬ চন। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়িছিলোঁ আমি। অষ্টম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ নৱম শ্ৰেণীত ভৰি দিছিলোঁহে মাত্ৰ। এদিন আমাৰ শ্ৰেণীকোঠাত নতুনকৈ এজন ল’ৰাৰ আগমন ঘটিল। চকুত ছানগ্লাছ, গাত ধূসৰ ৰঙৰ ট্ৰেকছুট। প্ৰথম চিনাকিত আমাৰ মাজত বৰ এটা কথা-বতৰা হোৱা নাছিল। তেওঁৰ কথাবোৰো আমাৰ সৈতে অলপ নিমিলা যেন লাগিছিল। তেওঁ লিখিত ভাষাত কথা কৈছিল। পিছতহে জানিব পাৰিলোঁ, তেওঁৰ নাম জুবিন গাৰ্গ।

সেই চিনাকিৰ পিছতে এদিন চতুৰ্থ পিৰিয়ডৰ পিছত চকীদাৰ আহি নৱম শ্ৰেণীৰ প্ৰথম চাৰিজন ছাত্ৰ আৰু নতুনকৈ অহা ল’ৰাজনক বিচাৰিলে। মোৰ ৰোল নম্বৰ আছিল ৩। সেই সূত্ৰে আমিও প্ৰধান শিক্ষকৰ ওচৰলৈ গ’লোঁ। তাতেই প্ৰথমবাৰৰ বাবে জুবিনৰ দেউতাক মোহিনী মোহন বৰঠাকুৰক লগ পালোঁ। তেতিয়া তেওঁ তামুলপুৰত এছ ডি চি হিচাপে যোগদান কৰিছিল।

তেওঁ আমাক ক’লে, “তোমালোকক প্ৰধান শিক্ষকে মতা নাই, মইহে মাতিছোঁ। তোমালোকৰ ১, ২, ৩ নম্বৰ ৰোলৰ ছাত্ৰকেইজন আৰু মোৰ ল’ৰাটো একেলগে থাকিবা। মোৰ ল’ৰায়ো বিজনীৰ এখন বিদ্যালয়ৰ পৰা দ্বিতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈছে। গতিকে তোমালোকে লগ লাগি থাকিবা। স্কুল ছুটীৰ পিছত মোৰ কোৱাৰ্টাৰলৈও যাবা।”

সেই কথাই আমাৰ বন্ধুত্বৰ বাট মুকলি কৰিছিল।

প্ৰথমবাৰ জুবিনৰ কোৱাৰ্টাৰলৈ গৈ দেখিছিলোঁ, তাত বহুতো কিতাপ। ভাবিছিলোঁ, জুবিনৰ দেউতাকে নিশ্চয় বহুত কিতাপ পঢ়ে। তেতিয়া জুবিনৰ ভনীয়েক জংকি বৰঠাকুৰ আছিল সপ্তম শ্ৰেণীত। পামিৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ মান ।

লাহে লাহে কিবা কাম থাকিলে আমি কোৱাৰ্টাৰলৈ যাবলৈ ধৰিলোঁ। জুবিন পঢ়া-শুনাত ভাল আছিল। সি বৰ দুষ্ট নাছিল, কিন্তু তাৰ মাজত এক বিশেষ অস্থিৰতা আছিল। আমাৰ সৈতে নাটকো কৰিছিল। বিদ্যালয়ৰ কাষতে থকা নদীখনৰ প্ৰতি তাৰ আছিল এক গভীৰ আকৰ্ষণ। নদীখনৰ প্ৰতি তাৰ সেই আকুলতা আনৰ পৰা যেন অলপ পৃথকেই আছিল। তাৰ ওচৰত এটা মাউথ অৰ্গেনো আছিল, সেইটো বজাই সি আমাক শুনাইছিল।

দশম শ্ৰেণীত পঢ়ি থাকোঁতে জুনমণি গগৈ নামৰ এগৰাকী ছোৱালী বিদ্যালয়লৈ আহিছিল। তেওঁ আছিল ‘বি’ শাখাৰ ছাত্ৰী। সেই সময়ত জুবিনৰ মনত তেওঁৰ প্ৰতি কিবা অনুভৱ আছিল নেকি, সেয়া মই ক’ব নোৱাৰোঁ। তেতিয়া ল’ৰা-ছোৱালীৰ মাজত আজিৰ দৰে মুকলিকৈ কথা-বতৰা হোৱাৰ পৰিৱেশ নাছিল। পিছৰ জীৱনত জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পাই উঠিছিল কালজয়ী গান ‘জোনমণি’ । সেই সময়ৰ অনুশাসন আৰু লাজকুৰীয়া পৰিৱেশত ল’ৰা-ছোৱালীৰ মাতবোল নাথাকিলেও, হয়তো কোনোবা ক্ষণত জুবিনৰ শিল্পী অন্তৰে আঁকি লৈছিল সেই চিনাকী মুখখন, যিয়ে পৰৱৰ্তী সময়ত গীত হৈ প্ৰাণ পাই উঠিছিল অসমৰ বুকুত।

জুবিনে হয়তো আমাৰ দৰে অনবৰতে পঢ়া-শুনা কৰা নাছিল, কিন্তু কম পঢ়িও পঢ়া-শুনাত ভাল আছিল। দেউতাকৰ বদলি হোৱাৰ পিছত সি জে বি কলেজত নামভৰ্তি কৰিলে। সময়ৰ সোঁতত আমাৰ মাজত দূৰত্ব বাঢ়িল, কিন্তু সেই বন্ধুত্বৰ স্মৃতিবোৰ থাকি গ’ল।

১৯৯৫ চন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা নিশাৰ অনুষ্ঠানত আকৌ জুবিনক লগ পালোঁ। তেতিয়া মোৰ মনত এটা শংকা আছিল—সি এতিয়া ইমান ডাঙৰ হৈছে, মোক বাৰু চিনি পাবনে?

তাৰ চুলি তেতিয়া দীঘল আছিল। দেখিবলৈ বৰ ধুনীয়া লাগিছিল তাক। মই ভাবিছিলোঁ, হয়তো সি মোক পাহৰিলে। কিন্তু সি মোক আচৰিত কৰি দিলে।

মোৰ ওচৰলৈ আহি জুবিনে কাবাডী খেলত খেলুৱৈ মতাৰ দৰে “কাকতি, কাকতি, কাকতি” বুলি মাতি মোক সাৱটি ধৰিলে। সাত বছৰৰ পিছত লগ পাইও সি মোক পাহৰা নাছিল।

তেতিয়ালৈকে জুবিন গাৰ্গে সংগীতৰ জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। সি তেতিয়া কেৱল আমাৰ বিদ্যালয়ৰ সেই নতুন ল’ৰাজন হৈ থকা নাছিল, সি হৈ পৰিছিল অসমৰ আপোন শিল্পী। কিন্তু তাৰ মাজতো মোৰ বাবে সি আছিল সেই একেই জুবিন— তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মোৰ সহপাঠী, মোৰ ঘনিষ্ঠ বন্ধু।

সময় সলনি হ’ল, পৰিচয় সলনি হ’ল, জুবিন গাৰ্গে আকাশ চুলে। কিন্তু সাত বছৰৰ পিছতো বন্ধুক পাহৰা নাছিল সি। সেই সাৱটি ধৰাৰ উমাল মুহূৰ্তটো আজিও মোৰ মনত সজীৱ হৈ আছে।

এনে দৰেই স্মৃতিৰ সঁফুৰা মেলি দিলে জুবিন গাৰ্গৰ বিদ্যালয়ৰ এসময়ৰ সহপাঠী তথা ঘনিষ্ঠ বন্ধু জয়ন্ত কাকতিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফ্লাইডুবাইৰ বিমান দুৰ্ঘটনা ৰোধ কৰি বীৰত্বৰ পৰিচয়! ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মানিত কৰিব ইজৰাইলে

আকাশমাৰ্গত এক ভয়াৱহ দুৰ্ঘটনা প্ৰতিৰোধ কৰি শতাধিক যাত্ৰীৰ জীৱন...

নোবেল শান্তি বঁটা পোৱাৰ যোগ্য বুলি দাবী ট্ৰাম্পৰ, তথাপি বঁটা লাভক লৈ সন্দিহান

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৬ বৰ্ষৰ নোবেল শান্তি বঁটা...

মুম্বাইৰ বিলাসী জীৱন এৰি গাঁৱতেই সুখী আছিল নানা পাটেকাৰ, ‘গাঁৱতেই মোৰ ভাল লাগে’

বলিউডৰ প্ৰখ্যাত অভিনেতা নানা পাটেকাৰে নিজৰ অভিনয় প্ৰতিভাৰে দৰ্শকৰ...

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...