কাঞ্চনজংঘা 2.0 উদ্বোধন কৰিলে হাৰ্টথ্ৰৱ জুবিনে

কাঞ্চনজংঘা 2.0 উদ্বোধন কৰিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। ডিব্ৰুগড়ত উদ্যোগী গৌতম বৰদলৈয়ে উপহাৰ দিলে ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ কাঠৰ উপঙা ৰেষ্টোৰাঁ৷ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গে উদ্বোধন কৰিলে কাঞ্চনজংঘা 2.0।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বহ্নিমান লুইতৰ বুকুত কাঞ্চনজংঘাৰ মজিয়াতে উন্মোচিত হ’ল কবি ৰশ্মিৰেখা সাউদ কলিতাৰ কাব্যগ্ৰন্থ ‘প্ৰেমেই পৃথিৱীৰ লাইখুঁটা’৷ সোমবাৰে ডিব্ৰুগড়ৰ বগীবিলত মুকলি কৰে এই ৰেস্তোৰাঁখন।

নদী পৰ্যটন উন্নয়ন কৰা পৰিকল্পনা লৈ ডিব্ৰুগড় উদ্যামান সমাজকৰ্মী গৌতম বৰদলৈয়ে আৰম্ভ কৰিছিল বগীবিলত কাঞ্চনজংঘা নামেৰে এখনি অত্যাধুনিক নৌকা সেৱা। যাৰ জৰিয়তে পৰ্যটকসকলে মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।

জুবিন গাৰ্গৰ চিনেমা কাঞ্চনজংঘা নামেৰে নামকৰণ কৰা এই নৌকা সেৱা মুকলি কৰিছিল বিগত বৰ্ষৰ জুবিন গাৰ্গে। ইফালে আজি বগীবিলত কাঞ্চনজংঘা দ্বিতীয়খনি নৌকা তথা ভাৰতবৰ্ষৰ প্ৰথমখন উপঙা কাঠৰ নৌকা কাঞ্চনজংঘা 2.0 শুভ উদ্বোধন কৰে জুবিন গাৰ্গে।

কাঞ্চনজংঘা 2.0 শুভ উদ্বোধন কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য নৌকা জৰিয়তে উপভোগ কৰিলে জুবিন গাৰ্গে। প্ৰায় এক ঘণ্টাৰো অধিক সময় নদীৰ মাজত সৌন্দৰ্য উপভোগ কৰে জুবিন গাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...