কাঞ্চনজংঘা 2.0 উদ্বোধন কৰিলে হাৰ্টথ্ৰৱ জুবিনে

কাঞ্চনজংঘা 2.0 উদ্বোধন কৰিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। ডিব্ৰুগড়ত উদ্যোগী গৌতম বৰদলৈয়ে উপহাৰ দিলে ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ কাঠৰ উপঙা ৰেষ্টোৰাঁ৷ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গে উদ্বোধন কৰিলে কাঞ্চনজংঘা 2.0।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বহ্নিমান লুইতৰ বুকুত কাঞ্চনজংঘাৰ মজিয়াতে উন্মোচিত হ’ল কবি ৰশ্মিৰেখা সাউদ কলিতাৰ কাব্যগ্ৰন্থ ‘প্ৰেমেই পৃথিৱীৰ লাইখুঁটা’৷ সোমবাৰে ডিব্ৰুগড়ৰ বগীবিলত মুকলি কৰে এই ৰেস্তোৰাঁখন।

নদী পৰ্যটন উন্নয়ন কৰা পৰিকল্পনা লৈ ডিব্ৰুগড় উদ্যামান সমাজকৰ্মী গৌতম বৰদলৈয়ে আৰম্ভ কৰিছিল বগীবিলত কাঞ্চনজংঘা নামেৰে এখনি অত্যাধুনিক নৌকা সেৱা। যাৰ জৰিয়তে পৰ্যটকসকলে মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।

জুবিন গাৰ্গৰ চিনেমা কাঞ্চনজংঘা নামেৰে নামকৰণ কৰা এই নৌকা সেৱা মুকলি কৰিছিল বিগত বৰ্ষৰ জুবিন গাৰ্গে। ইফালে আজি বগীবিলত কাঞ্চনজংঘা দ্বিতীয়খনি নৌকা তথা ভাৰতবৰ্ষৰ প্ৰথমখন উপঙা কাঠৰ নৌকা কাঞ্চনজংঘা 2.0 শুভ উদ্বোধন কৰে জুবিন গাৰ্গে।

কাঞ্চনজংঘা 2.0 শুভ উদ্বোধন কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য নৌকা জৰিয়তে উপভোগ কৰিলে জুবিন গাৰ্গে। প্ৰায় এক ঘণ্টাৰো অধিক সময় নদীৰ মাজত সৌন্দৰ্য উপভোগ কৰে জুবিন গাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...