মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী লালডুহোমা, লালডুহোমাৰ নজনা ১০টা কথা

মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী লালডুহোমা। মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলগীয়া ৭২ বছৰীয়া লালডুহোমাক লৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সৃষ্টি হৈছে চাঞ্চল্য। দুই প্ৰাক্তন বিদ্ৰোহী নেতা লালথানহাওলা আৰু জোৰামথাংগাৰ পিছত মিজোৰামৰ মচনদত বহিবলৈ ওলাইছে প্ৰাক্তন IPS বিষয়া, প্ৰাক্তন সাংসদ লালডুহোমা।

যোৱা বিধানসভা নিৰ্বাচনত তেওঁ আছিল বিৰোধী দলপতি। ১৯৮৭ চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পোৱাৰ পিছত মিজোৰামৰ ৰাজনীতি দখল কৰি আহিছিল কংগ্ৰেছ আৰু MNF-এ। কংগ্ৰেছৰ ১০ বছৰীয়া শাসনৰ অন্ত পেলাই ১৯৯৮ চনত জোৰামথাংগাৰ নেতৃত্বত ক্ষমতালৈ আহিছিল MNF।

২০০৮ আৰু ২০১৩ত পুনৰ কংগ্ৰেছ মিজোৰামত ক্ষমতাধিষ্ঠিত হয়। ৪০জনীয়া বিধানসভাত ২০১৮ত পুনৰ MNFএ দখল কৰে ক্ষমতা। কিন্তু এইবাৰ মিজোৰামত MNF-কংগ্ৰেছ আউট, ZPM হৈ পৰিল ইন। ZPM অৰ্থাৎ জোৰাম পিপুলছ মুভমেণ্ট। ZPMৰ নেতৃত্বত প্ৰবীণ ৰাজনীতিবিদ লালডুহোমা। ZPMৰ দখলত ২৭টা বিধানসভা সমষ্টি। MNF ১০, বিজেপি ২, কংগ্ৰেছ ১। লালডুহোমাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক চৰ্চা। ১৯৮২ চনৰ এছিয়ান গেমছৰ সময়ত মুখ্য নিৰাপত্তা বিষয়াৰ দায়িত্বত আছিল লালডুহোমা। সেই সময়ত তেওঁ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰো প্ৰধান নিৰাপত্তাৰক্ষী আছিল। পৰৱৰ্তী সময়ত IPS বিষয়াৰূপে গোৱাত ড্ৰাগছ ব্যৱসায়ীৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল লালডুহোমাই।


১৯৮৪ চনত লালডুহোমাই IPS বাদ দি যোগ দিছিল কংগ্ৰেছত। কংগ্ৰেছ ত্যাগ কৰাৰ পিছত সংসদৰ পৰা বহিষ্কৃত হৈছিল লালডুহোমা। দলত্যাগবিৰোধী আইনৰ অধীনত ভাৰতৰ প্ৰথমজন বহিষ্কৃত সাংসদ তেওঁ। উল্লেখ্য যে উগ্ৰপন্থী সংগঠন MNFক মূল সুঁতিলৈ অনাৰ ক্ষেত্ৰত লালডুহোমাই লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। তেওঁৰ মধ্যস্থতাতে ১৯৮৬ চনত লালডেংগাই শান্তি চুক্তি কৰিছিল। তেতিয়াৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী লালথানহাওলাৰ সৈতে সংঘাতৰ পৰিণতিত তেওঁ ত্যাগ কৰিছিল কংগ্ৰেছ। পৰৱৰ্তী সময়ছোৱাত তেওঁ কেইবাটাও দল বাগৰি যোগ দিছিল MNFত।

কিন্তু জোৰামথাংগাৰ সৈতে সংঘাতৰ পৰিণতিত তেওঁ MNF এৰি ওলাই আহি গঠন কৰে জোৰাম নেশ্যনেলিষ্ট পাৰ্টী। ২০১৮ চনত আন পাঁচটা ক্ষুদ্ৰ ৰাজনৈতিক দলক জোঁটবদ্ধ কৰি লালডুহোমাই জন্ম দিয়ে ZPM। সেইবাৰৰ নিৰ্বাচনত ১০খন আসন লাভ কৰাৰ পিছত তেওঁ নিৰ্বাচিত হয় মিজোৰাম বিধানসভাৰ বিৰোধী দলপতিৰূপে।

মিজোৰামৰ শোচনীয় বিত্তীয় অৱস্থাক নিৰ্বাচনৰ ইছ্যু কৰিছিল লালডুহোমাই। মিজোৰামৰ মহিলা আৰু যুৱ ভোটাৰক ZPM-এ লক্ষ্য কৰি লৈছিল। ইয়াৰে সুফল হয়তো ZPM-এ লাভ কৰিলে এইবাৰৰ নিৰ্বাচনত। ইতিমধ্যে মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে পদত্যাগ কৰিছে জোৰামথাংগাই। দুই-এদিনতে মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ZPMৰ নেতা লালডুহোমাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...