চোৰ-ডকাইতৰ বিৰুদ্ধে শূণ্য সহনশীল আৰক্ষী

দুৰ্ধৰ্ষ চোৰ-ডকাইতৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ শূণ্য সহনশীল নীতি। এইবাৰ হাইলাকান্দিত গৰজি উঠিল আৰক্ষীৰ পিষ্টল। হাইলাকান্দিৰ কালীবাড়ী পথত সোমবাৰে পুৱাই কাছাৰ আৰক্ষীৰ এনকাউন্টাৰত নিহত হ’ল এটা দুৰ্ধৰ্ষ ডকাইত। এখন ছেন্ট্র’ত অহা দুটা ডকাইতক খেদি খেদি নি ৰাজপথতে মুকলি গুলীচালনা কাছাৰ আৰক্ষীৰ। শূণ্য দূৰত্বৰ পৰা কৰা গুলীচালনাৰ ঘটনাত থিতাতে নিহত হ’ল আফজল হুছেইন বৰভূঞা নামৰ এটা দুৰ্ধৰ্ষ ডকাইত। গাড়ীখনত চালকৰ আসনৰ কাষত বহি থকা আন এটা ডকাইতক গ্ৰেপ্তাৰো কৰে আৰক্ষীয়ে। আৰক্ষীৰ এই শ্বাসৰুদ্ধকৰ অভিযানৰ সমগ্ৰ দৃশ্য বন্দী হ’ল CC কেমেৰাত।

স্থান: হাইলাকান্দিৰ ব্যস্ত কালীবাড়ী পথ
সময়: পুৱা তেতিয়া প্ৰায় ৮ বাজি ২৯ মিনিট
হিন্দী চিনেমাৰ ষ্টাইলৰ ‘গান ফায়াৰ’
কালীবাড়ী পথৰ দোকান পোহাৰ খুলিছে মাত্ৰ। কিছু কিছু দোকান তেতিয়াই বন্ধ হৈয়ে আছে। হঠাৎ সেই স্থানত আৱিৰ্ভাব ঘটিল এখন ছেন্ট্র’ৰ। গাড়ীখন ৰোৱাই নাছিল, মুহূৰ্তৰ ভিতৰতে পিছপিনৰ পৰা দৌৰি দৌৰি আহিল দুজন লোক। দুয়োৰে হাতত উদ্যত মাৰণাস্ত্ৰ। ছেন্ট্র’খনৰ চালকলৈ পিষ্টল টোৱাঁলে দুয়ো। গাড়ীৰ গ্লাছ খোলা আছিল। ছেন্ট্র’ৰ চালকজনেও খোলা গ্লাছেৰে পিষ্টল টোৱাঁইছিল, কিন্তু গুলী নুফুটিল। দৌৰি যোৱা দুয়োজনে চালকজনক কাবু কৰাৰ চেষ্টা কৰিলে। পিছপিনৰ পৰা আৰু এখন ছুইফ্ট ডিজায়াৰ আহি ৰ’ল ঘটনাস্থলীত। ছুইফ্ট খনৰ পৰা আৰু এজন পিষ্টলধাৰী লোক ওলাই আহি ছেন্ট্র’খনলৈ লক্ষ্য কৰি দৌৰে।

হঠাৎ ছেন্ট্র’খনৰ চালকে এজাঁই গুলীচালনা কৰে। কথমপি আঁতৰি নিজকে ৰক্ষা কৰে বাহিৰৰ পিষ্টলধাৰী লোকদুজনে। মুহূৰ্তৰ ভিতৰতে ক’লা টি ছাৰ্ট আৰু নীলা ট্ৰেক পেন্ট পৰিহিত লোকজনে আগবাঢ়ি গৈ গুলীয়াই দিয়ে ছেন্ট্র’ৰ চালকজনক। চালকজনৰ হাতত থকা পিষ্টলটোও জব্দ কৰে।

হিন্দী চিনেমাৰ ষ্টাইলত হোৱা এই গান ফায়াৰৰ দৃশ্য প্ৰকৃততে আছিল সোমবাৰে পুৱা হাইলাকান্দিৰ কালীবাড়ী পথত সংঘটিত আৰক্ষী আৰু ডকাইতৰ মাজৰ শ্বাসৰুদ্ধকৰ গুলীয়াগুলী।
ছেন্ট্র’খন আগুৰি ধৰা দলটো আছিল কাছাৰ আৰক্ষীৰ এটা দল।
ছেন্ট্র’খনৰ ভিতৰত আছিল দুটা দুৰ্ধৰ্ষ ডকাইত।

সোমবাৰে পুৱা সংঘটিত এই গুলীয়াগুলীত গাড়ীৰ ভিতৰতে থিতাতে নিহত হয় আফজল হুছেইন বৰভূঞা নামৰ এটা দুৰ্ধৰ্ষ ডকাইত। এটা ডকাইত নিহত হোৱাৰ পিছতে ছেন্ট্র’খনৰ চালকৰ আসনৰ কাষৰ আসনত বহি থকা আনটো ডকাইতকো গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে।

পুৱা হাইলাকান্দিৰ কালীবাড়ী পথত চলা কাছাৰ আৰক্ষীৰ এই শ্বাসৰুদ্ধকৰ অভিযানৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল বিপৰীত দিশত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCকেমেৰাত। ঘটনাৰ পিছতে গ্ৰেপ্তাৰ হোৱা ডকাইতটোক হাইলাকান্দি সদৰ থানালৈ নিয়া হয়। হাইলাকান্দি অসামৰিক চিকিৎসালয়তে সম্পন্ন হয় নিহত ডকাইতটোৰ মৰণোত্তৰ পৰীক্ষা।

মনকৰিবলগীয়া যে পুৱাৰ এই অভিযানত নিহত আৰু ধৃত ডকাইতৰ দলটোৰ বিৰুদ্ধে কাছাৰৰ কেইবাখনো থানাত ৰুজু হৈ আছে বহু গোচৰ। দুৰ্ধৰ্ষ দলটোৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবেই কাছাৰ আৰক্ষীয়ে দেওবাৰে গঠন কৰিছিল এটা স্পেচিয়েল টীম। আজি পুৱাৰে পৰা আৰম্ভ হৈছিল কাছাৰ আৰক্ষীৰ স্পেচিয়েল টীমৰ অভিযান। পুৱাৰে পৰাই ডকাইতৰ দলটোক অনুসৰণ কৰি আছিল অভিযানকাৰী দলটোৱে। ডকাইতৰ দলটোক গুলীচালনা অবিহনেই কৰায়ত্ত কৰাৰ আপ্ৰাণ চেষ্টা চলাইছিল আৰক্ষীৰ দলটোৱে। কিন্তু অন্তিম মুহূৰ্তত দুৰ্ধৰ্ষ আফজল হুছেইন বৰভূঞাই গুলীচালনা কৰাত গুলীয়াবলৈ বাধ্য হয় আৰক্ষী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...