ভাৰতৰ জিমনাষ্টিকছত ইতিহাস সৃষ্টি দীপা কৰ্মকাৰৰ

এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত স্বৰ্ণ অৰ্জন দীপাৰ
প্ৰথমগৰাকী ভাৰতীয় জিমনাষ্টৰূপে স্বৰ্ণ লাভ দীপা কৰ্মকাৰৰ

বয়স–বিতৰ্ক একোৱেই হাৰ মনাব পৰা নাই দীপা কৰ্মকাৰক। এতিয়ালৈকে ভাৰতৰ শ্ৰেষ্ঠ জিমনাষ্টগৰাকীয়ে পুনৰবাৰ সৃষ্টি কৰিলে নতুন ইতিহাস। দেওবাৰে অনুষ্ঠিত হোৱা এছিয়ান ছিনিয়ৰ জিমনাষ্টিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত স্বৰ্ণ জয় কৰি ইতিহাস ৰচনা কৰিলে দীপাই। মাজতে প্ৰায় ২১ মাহ ধৰি ডপিঙৰ অভিযোগত ক্ৰীড়া ক্ষেত্ৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল দীপাই। যোৱা বছৰ ১০ জুলাইত পুনৰ জিমনাষ্টিকছৰ জগতখনলৈ উভতি আহিছিল ২৯বছৰীয়া ত্ৰিপুৰাৰ জিমনাষ্টগৰাকী। কিন্তু তাৰপিছতো থমকি ৰোৱা নাই দীপা কৰ্মকাৰ। আন্তৰ্জাতিক ক্ষেত্ৰতো উজলি উঠিছে দীপা।

প্ৰতিযোগিতাখনৰ ভল্ট শাখাত দীপাই লাভ কৰিছিল গড়ে ১৩.৫৬৬ পইণ্ট
পূৰ্বতে ২০১৬ত এই প্ৰতিযোগিতাত ব্ৰঞ্জ পাইছিল দীপা কৰ্মকাৰে
আন এগৰাকী ভাৰতীয় জিমনাষ্ট প্ৰণতি নায়কেও ২০১৯, ২০২০ত পাইছিল ব্ৰঞ্জ

উজবেকিস্তানৰ ৰাজধানী তাছকেণ্টত অনুষ্ঠিত প্ৰতিযোগিতাখনত দীপাই দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ল। আৰম্ভণিৰ পৰাই সুন্দৰ খেলেৰে উপস্থিত দৰ্শকক আপ্লুত কৰে বৰ্ষীয়ান খেলুৱৈগৰাকীয়ে।

২০১৬ত ৰিঅ’ অলিম্পিকত ৪ৰ্থ স্থান পাইছিল দীপাই
ড’হা বিশ্বকাপতো স্বৰ্ণ অৰ্জন কৰিছিল দীপাই
২০১৮ত Artistic Gymnasticত স্বৰ্ণ অৰ্জন কৰিছিল দীপাই
ভল্ট শাখাৰ আটাইতকৈ কঠিন Produnovaটো সফল হৈছিল তেওঁ
অৱশ্যে পেৰিচ অলিম্পিকত যোগ্যতাত ব্যৰ্থ হয় দীপা কৰ্মকাৰ

কমনৱেলথ আৰু এচিয়ান গেমছত পদক জয়ী দীপা কৰ্মকাৰৰ ক্ৰীড়া ক্ষেত্ৰত বৰ্ণিল যাত্ৰাৰ বাবে ২০১৬চনতে তেওঁ লাভ কৰিছিল মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা। এইগৰাকী ক্ৰীড়াবিদৰ শেহতীয়া সাফল্যৰ বাবে বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছে দীপা কৰ্মকাৰক। আমাৰ ফালৰ পৰাও দীপা কৰ্মকাৰক জনালোঁ অভিনন্দন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...