বংগোপ সাগৰৰ বক্ষত ক্ৰমে প্ৰচণ্ড ঘূৰ্ণীৰ ৰূপ লৈছে ৰিমালে

বংগ-উৰিষ্যাৰ উপকূলৱৰ্তী এলেকাত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা
দেওবাৰৰ নিশাৰ পৰা ৰিমালৰ প্ৰভাৱত অসমতো হ’ব ব্যাপক বৰষুণ
নিশা ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত বংগ-বাংলাদেশৰ উপকূলত এচাৰ খাই পৰিব ৰিমাল

বংগোপ সাগৰৰ বক্ষত সৃষ্ট নিম্নচাপৰ ফলত উদ্ভৱ হোৱা ঘূৰ্ণীয়ে ক্ৰমে ব্যাপক ৰূপ লৈছে। ধীৰে-ধীৰে বাংলাদেশ আৰু দক্ষিণ বংগৰ দিশে আগবঢ়া ঘূৰ্ণী ৰিমালৰ গতি প্ৰতিঘন্টাত ১১০ৰ পৰা ১৩৫ কিঃমিঃ পৰ্যন্ত হ’বগৈ।পশ্চিম বংগত সাগৰদ্বীপৰ ওপৰেদি নিশাৰ ভিতৰত পাৰ হ’ব ধুমুহাজাক।

বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীৰ গতিবেগ ঘন্টাত ১৩৫ কিঃমিঃ পৰ্যন্ত বৃদ্ধি হ’ব পাৰে
ঘূৰ্ণীৰ ফলত উপকূলবৰ্তী এলেকাসমূহত ইতিমধ্যে আৰম্ভ হৈছে মুষলধাৰ বৃষ্টি
কলকাতাত ঘূৰ্ণীৰ সৰ্বোচ্চ গতিবেগ ঘন্টাত ৯০ কিঃমিঃ পৰ্যন্ত হ’ব
উত্তৰ বংগৰ কোচবিহাৰ, জলপাইগুৰি আদি জিলাতো হ’ব প্ৰচণ্ড বৰষুণ
মৎস্যজীৱীসকলক সোমবাৰ পৰ্যন্ত সাগৰলৈ যোৱাৰ ক্ষেত্ৰত দিয়া হৈছে নিষেধাজ্ঞা
বংগোপ সাগৰত উত্তাল হৈ পৰিছে সাগৰীয় ঢৌ

বংগৰ বিভিন্ন উপকূলবৰ্তী এলেকাৰ বাসিন্দাসকলক ইতিমধ্যে স্থানান্তৰ কৰা হৈছে।ৰিমালৰ ব্যাপক প্ৰভাৱ পৰিব কলকাতা মহানগৰীত।দেওবাৰৰ আবেলিৰ পৰা সোমবাৰৰ আবেলিৰ ভিতৰত কলকাতাত মুষলধাৰ বৃষ্টিৰ আশংকা বতৰ বিজ্ঞান বিভাগৰ।

কলকাতাত অহা ২৪ ঘন্টাত ২০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণৰ আগজাননী
২১ ঘন্টাৰ বাবে বন্ধ ঘোষণা কলকাতা আন্তৰ্জাতিক বিমান বন্দৰ
৩৯৪ খন বিমানৰ যাত্ৰা বাতিল, হাহাকাৰ প্ৰায় ৬৩ হাজাৰ বিমান যাত্ৰীৰ
ৰে’ল সেৱাও হৈছে বিঘ্নিত, কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

নিশাৰ ভাগত এচাৰ খাই পৰিবলগীয়া এই ঘূৰ্ণীবতাহৰ ফলত বাংলাদেশ,বংগ,উৰিষ্যাৰ লগতে অসমসহ উত্তৰ-পূবত মুষলধাৰ বৃষ্টি হ’ব বুলি আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।মিজোৰাম,ত্ৰিপুৰা, দক্ষিণ মণিপুৰত ঘন্টাত ৭০ কিঃমিঃ বেগত অহা ঘূৰ্ণীয়ে আঘাত হানিব।অসম আৰু মেঘালয়তো ৰিমালৰ প্ৰভাৱত দেওবাৰৰ নিশাৰ পৰা প্ৰতি ঘন্টাত ৬০ কিঃমিঃ পৰ্যন্ত বেগত ঘূৰ্ণীয়ে আক্ৰান্ত কৰিব বুলি আশংকা হৈছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকাশ ডাৱৰে ঢাকি ধৰিছে।সম্ভাৱ্য ধুমুহা বৰষুণৰ পৰা সতৰ্ক থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...