বিশ্বৰ ইউটিউবাৰ সকলৰ বাবে এক উদ্বেগজনক খবৰ

বিশ্বৰ ইউটিউবাৰ সকলৰ বাবে এক উদ্বেগজনক খবৰ। গুগলৰ মালিকানাধীন ষ্ট্ৰীমিং সেৱা ইউটিউবে ২০২৩ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে কমিউনিটি গাইডলাইন এনফৰ্চমেণ্ট প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত বিশ্বৰ ভিতৰত ইউটিউবৰ ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে, এই সময়ছোৱাত বিশ্বত সৰ্বমুঠ ৯০,১২,২৩২টা ভিডিঅ’ আঁতৰোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভাৰতত ২,২৫৪,৯০২টা ইউটিউবৰ ভিডিঅ আঁতৰোৱা হৈছে। ভাৰতৰ পিছতে ছিংগাপুৰত ১,২৪৩,৮৭১ টা ভিডিঅ’ আঁতৰোৱা হৈছে এইদৰে তেওঁলোকে দ্বিতীয় স্থান লাভ কৰিছে ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত, লগতে আমেৰিকাই ৭৮৮,৩৫৪টা ভিডিঅ আঁতৰাই তৃতীয় স্থান লাভ কৰে। ক্ষতিকাৰক বা বিপজ্জনক বিষয়বস্তু, শিশুৰ সুৰক্ষাৰ বিৰূদ্ধে হোৱা ভিদিও, হিংসাত্মক বা গ্ৰাফিক বিষয়বস্তু, নগ্নতা আৰু যৌন বিষয়বস্তু, ভুল তথ্য, সাম্প্ৰদায়িক ক্ষেত্ৰত নীতি-নিয়ম উলংঘা কৰাৰ বাবে এইসমূহ ভিডিঅ আঁতৰোৱা হৈছে বিশ্বৰ বিভিন্ন দেশৰ পৰা।

বিশ্বৰ ইউটিউবাৰ সকলৰ বাবে এক উদ্বেগজনক খবৰ

ষ্ট্ৰীমিং সেৱা ইউটিউবে আঁতৰালে কেইবা নিযুত ভিডিঅ’

বিশ্বত আঁতৰোৱা হৈছে প্ৰায় ৯০,১২,২৩২টা ভিডিঅ’

ভাৰতত ২,২৫৪,৯০২টা ইউটিউবৰ ভিডিঅ’ আঁতৰোৱা হৈছে

বিশ্বৰ ভিতৰতে ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম স্থান দখল

২য় স্থানত আছে ছিংগাপুৰ, ৩য় স্থানত আছে আমেৰিকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...