বিশ্বৰ ইউটিউবাৰ সকলৰ বাবে এক উদ্বেগজনক খবৰ

বিশ্বৰ ইউটিউবাৰ সকলৰ বাবে এক উদ্বেগজনক খবৰ। গুগলৰ মালিকানাধীন ষ্ট্ৰীমিং সেৱা ইউটিউবে ২০২৩ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে কমিউনিটি গাইডলাইন এনফৰ্চমেণ্ট প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত বিশ্বৰ ভিতৰত ইউটিউবৰ ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে, এই সময়ছোৱাত বিশ্বত সৰ্বমুঠ ৯০,১২,২৩২টা ভিডিঅ’ আঁতৰোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভাৰতত ২,২৫৪,৯০২টা ইউটিউবৰ ভিডিঅ আঁতৰোৱা হৈছে। ভাৰতৰ পিছতে ছিংগাপুৰত ১,২৪৩,৮৭১ টা ভিডিঅ’ আঁতৰোৱা হৈছে এইদৰে তেওঁলোকে দ্বিতীয় স্থান লাভ কৰিছে ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত, লগতে আমেৰিকাই ৭৮৮,৩৫৪টা ভিডিঅ আঁতৰাই তৃতীয় স্থান লাভ কৰে। ক্ষতিকাৰক বা বিপজ্জনক বিষয়বস্তু, শিশুৰ সুৰক্ষাৰ বিৰূদ্ধে হোৱা ভিদিও, হিংসাত্মক বা গ্ৰাফিক বিষয়বস্তু, নগ্নতা আৰু যৌন বিষয়বস্তু, ভুল তথ্য, সাম্প্ৰদায়িক ক্ষেত্ৰত নীতি-নিয়ম উলংঘা কৰাৰ বাবে এইসমূহ ভিডিঅ আঁতৰোৱা হৈছে বিশ্বৰ বিভিন্ন দেশৰ পৰা।

বিশ্বৰ ইউটিউবাৰ সকলৰ বাবে এক উদ্বেগজনক খবৰ

ষ্ট্ৰীমিং সেৱা ইউটিউবে আঁতৰালে কেইবা নিযুত ভিডিঅ’

বিশ্বত আঁতৰোৱা হৈছে প্ৰায় ৯০,১২,২৩২টা ভিডিঅ’

ভাৰতত ২,২৫৪,৯০২টা ইউটিউবৰ ভিডিঅ’ আঁতৰোৱা হৈছে

বিশ্বৰ ভিতৰতে ভিডিঅ’ আঁতৰোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম স্থান দখল

২য় স্থানত আছে ছিংগাপুৰ, ৩য় স্থানত আছে আমেৰিকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...