চাকৰিমুখী নহৈ স্বাৱলম্বী হোৱাৰ প্ৰয়াস শিৱসাগৰৰ পাৰ্থ প্ৰতীম নেওগৰ

গুৱাহাটী, ২৭ জুন, NKTV: শিৱসাগৰ জিলাৰ জাঁজী ফুলপানীছিগাৰ এজন শিক্ষিত যুৱকে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ফুলপানীছিগা চাংমাই গাঁওৰ পাৰ্থ প্ৰতীম নেওগে নিজ গৃহতে দুটাকৈ পুখুৰীত মৎস্য পালন কৰা লগতে গাহৰি ফাৰ্ম, উদ্যান শস্যৰ বাগিচা গঢ়ি তুলিছে।

যোৱা তিনি বছৰে পাৰ্থ প্ৰতীম নেওগে একক প্ৰচেষ্টাৰে চাকৰিমুখী নহৈ ব্যৱসায়ভিত্তিক এনেদৰে মৎস্য পালন, গাহৰি ফাৰ্ম, উদ্যান শস্যৰ বাগিচা গঢ়ি তুলি স্বাৱলম্বী হৈ উঠিছে।

লক ডাউন আৰু কৰ’না মহামাৰীৰ সময়ছোৱাত পাৰ্থ প্ৰতীম নেওগে ঘৰতে বহি নাথাকি আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰত বিভিন্ন পন্থা অৱলম্বন কৰে। নিজ গৃহতে কুকুৰা পালন কৰা লগতে মাছৰ পোণাৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰে।

যুৱক পাৰ্থ প্ৰতীম নেওগক কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰে বিভিন্ন সময়ত সহযোগিতা আগবঢ়াই আহিছে। মীন বিভাগেও সহায় কৰি আহিছে। যুৱকজনৰ এনে চিন্তাধাৰা শিক্ষিত যুৱকৰ বাবে আদৰ্শনীয়। শিক্ষিত যুৱকসকল যে কেৱল চাকৰিমুখী হ’ব নালাগে, ঘৰৰ পৰি থকা মাটিডোখৰ আৰ্থিক উপাৰ্জনৰ আহিলা হ’ব পাৰে সেই নিদৰ্শন দাঙি ধৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...