চাকৰিমুখী নহৈ স্বাৱলম্বী হোৱাৰ প্ৰয়াস শিৱসাগৰৰ পাৰ্থ প্ৰতীম নেওগৰ

গুৱাহাটী, ২৭ জুন, NKTV: শিৱসাগৰ জিলাৰ জাঁজী ফুলপানীছিগাৰ এজন শিক্ষিত যুৱকে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ফুলপানীছিগা চাংমাই গাঁওৰ পাৰ্থ প্ৰতীম নেওগে নিজ গৃহতে দুটাকৈ পুখুৰীত মৎস্য পালন কৰা লগতে গাহৰি ফাৰ্ম, উদ্যান শস্যৰ বাগিচা গঢ়ি তুলিছে।

যোৱা তিনি বছৰে পাৰ্থ প্ৰতীম নেওগে একক প্ৰচেষ্টাৰে চাকৰিমুখী নহৈ ব্যৱসায়ভিত্তিক এনেদৰে মৎস্য পালন, গাহৰি ফাৰ্ম, উদ্যান শস্যৰ বাগিচা গঢ়ি তুলি স্বাৱলম্বী হৈ উঠিছে।

লক ডাউন আৰু কৰ’না মহামাৰীৰ সময়ছোৱাত পাৰ্থ প্ৰতীম নেওগে ঘৰতে বহি নাথাকি আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰত বিভিন্ন পন্থা অৱলম্বন কৰে। নিজ গৃহতে কুকুৰা পালন কৰা লগতে মাছৰ পোণাৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰে।

যুৱক পাৰ্থ প্ৰতীম নেওগক কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰে বিভিন্ন সময়ত সহযোগিতা আগবঢ়াই আহিছে। মীন বিভাগেও সহায় কৰি আহিছে। যুৱকজনৰ এনে চিন্তাধাৰা শিক্ষিত যুৱকৰ বাবে আদৰ্শনীয়। শিক্ষিত যুৱকসকল যে কেৱল চাকৰিমুখী হ’ব নালাগে, ঘৰৰ পৰি থকা মাটিডোখৰ আৰ্থিক উপাৰ্জনৰ আহিলা হ’ব পাৰে সেই নিদৰ্শন দাঙি ধৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...