দীঘলীপুখুৰীত মাছৰ মৃত্যুৰ কাৰণ কি?

গুৱাহাটী, ২৭ জুন, NKTV: দেওবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীত শতাধিক মৃত মাছ ওপঙি থকা দেখা যায়। পানীত মাছ ওপঙি থকা বিষয়টো চকুত পৰাৰ লগে লগে আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত, মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয় কৰ্তৃপক্ষক দীঘলীপুখুৰী পৰিদৰ্শন কৰি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। বিভাগীয় বিষয়াসকলে মৃত মাছ আৰু পুখুৰীৰ পানীৰ নমুনা পৰীক্ষা কৰি নিৰূপণ কৰে যে জলাধাৰত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ লগতে অত্যধিক পৰিমাণে জৈৱিক পদাৰ্থ জমা হোৱাৰ ফলত মাছৰ মৃত্যু ঘটে।

শুক্লবৈদ্যই প্ৰকাশ কৰে, “হঠাৎ অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগতে মাত্ৰাধিক জৈৱিক পদাৰ্থৰ বাবেই মাছসমূহৰ মৃত্যু হয়। বিভাগীয় বিষয়াসকলে পৰীক্ষা কৰি পাইছে যে কোনো বিহ মিহলোৱা বাবে মাছৰ মৃত্যু হোৱা নহয়, বৰঞ্চ পৰিৱেশ অৱক্ষয়ৰ ফলতহে হৈছে।“ তৎকালীনভাৱে পানীৰ পাম্প আৰু নৌকাৰ সহায়ত বিভাগে পানীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...