পৰিয়ালৰ দাবী, যুৱক জনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে!

ছৌদী আৰব’ত মৃত্যু কৰিমগঞ্জৰ যুৱকৰ । পৰিয়ালৰ দাবী, যুৱক জনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে। দিবলগীয়া টকা নোপোৱাৰ বাবে হত্যা কৰাৰ অভিযোগ। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ আবেদন ভুক্তভোগী পৰিয়ালৰ।

কৰিমগঞ্জৰ মানিককোনা গাঁওৰ আতিকুৰ ৰহমান নামৰ এগৰাকী যুৱকৰ ছৌদি আৰব’ত হোৱা মৃত্যুৰ ঘটনাই গাঁৱখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । যোৱা ৩ এপ্ৰিলত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আতিকুৰ ৰহমান’ৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত পৰিয়ালৰ ওপৰত এক প্ৰকাৰ আকাশ ভাঙি পৰে। মাড়েৰা গাঁৱৰ আলবাবুৰ ৰহমান নামৰ এজন যুৱকৰ যোগেদি আতিকুৰ ৰহমান নামৰ যুৱক জন কুয়েতলৈ গৈছিল চাকৰিৰ বাবে । যোৱাৰ পূৰ্বে পৰিয়ালৰ লোকে ৭০ হাজাৰ টকা আলবাবুৰ ৰহমান নামৰ যুৱকজনক প্ৰদান কৰিছিল, কথা আছিল বাকি থকা টকা পিছত দিয়াৰ। পৰিয়ালৰ অভিযোগ মতে, ছৌদী আৰব’ত সংস্থাপনৰ পিছৰে পৰাই আলবাবুৰ ৰহমানে আতিকুৰ ৰহমানৰ পৰা বাকি থকা টকাখিনি প্ৰায় প্ৰতিদিন বিচাৰি আছিল। ইয়াৰ মাজত যোৱা ৩ তাৰিখে আতিকুৰ ৰহমানৰ মৃত্যুৰ সংবাদ পৰিয়ালৰ লোকে লাভ কৰে।

পিছে ছৌদী আৰবত থকা কৰিমগঞ্জৰ আন লোকৰ সহযোগিতাত আতিকুৰ ৰহমানৰ মৃত্যুৰ পিছৰ ফটোগ্ৰাফ সংগ্ৰহ কৰাৰ পিছত আতিকুৰৰ পৰিয়ালৰ দাবী,আতিকুৰ ৰহমানে আত্মহত্যা কৰা নাছিল, কিয়নো সম্পূৰ্ণ শৰীৰত আঘাতৰ চিন থকা বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে। আনকি বাকি থকা টকাৰ বাবেই আতিকুৰ ৰহমান’ক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আতিকুৰ ৰহমান’ৰ পৰিয়ালৰ লোকে আৰু আতিকুৰ’ৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে আতিকুৰ ৰহমানৰ মাতৃয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...