দিল্লী-মস্কো বিমান সেৱা বাতিল কৰিলে এয়াৰ ইণ্ডিয়াই!

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে দিল্লী-মস্কো বিমান। এক বিশেষ সূত্ৰ অনুসৰি
জানিব পৰা গৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ ফলত বিমান চলাচল কৰাত ভাবুকিৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পাইছে। আনহাতে বিমানখনৰ এতিয়াও বীমা কভাৰেজ সুৰক্ষিত হোৱা নাই।

জানিব পৰা মতে, বুধবাৰে দিল্লীৰ পৰা মস্কোলৈ অহা আৰু উভতি যোৱা বিমানৰ টিকট প্ৰদান বন্ধ কৰিছে। লগতে এই সময়ত এয়াৰলাইনৰ বিমানসমূহ ৰাছিয়ালৈ যাবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আনহাতে যাত্ৰীসকলে তেওঁলোকৰ টিকটৰ সম্পূৰ্ণ ঘূৰাই পাব বুলিও জনাইছে এয়াৰলাইন কতৃপক্ষই। অবশ্যে মস্কোলৈ যাব বিচৰা বা মস্কোৰ পৰা আহিব বিচৰা যাত্ৰীসকলে তাচখণ্ড, ডুবাই, দোহা, আবুধাবি, ইস্তানবুল আদি বিকল্প পথৰ ব্যবহাৰ কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...