আলফাৰ নামত কাজিৰঙাৰ বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীক ধনদাবী কৰা অভিযোগত ২জনক গ্ৰেপ্তাৰ

আলফাৰ নামত কাজিৰঙাৰ হালধীবাৰীৰ বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীক ধনদাবী কৰিবলৈ অহাৰ অভিযোগত পুনৰ আন ২জন যুৱকক গ্ৰেপ্তাৰ। পুৱতি নিশা কাজিৰঙাৰ বুঢ়ীমাই মন্দিৰৰ সমীপৰ পৰা যুৱকদুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমান বাগৰী আৰক্ষী চকীত ৰখা হৈছে যুৱক দুজনক। বৃহস্পতিবাৰে নিশা ৰঞ্জিত অসম নামেৰে ধনদাবী কৰি ধন নিবলৈ আহোতে আৰক্ষীৰ জালত পৰিছিল এজন লোক। গোলাঘাটৰ SP, বোকাখাতৰ SDPO ৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি গ্ৰেপ্তাৰ কৰিছিল যুৱকজনক। আনকি আৰক্ষীয়ে অভিযানত দুষ্কৃতিকাৰীলৈ তিনিজাইকৈ গুলীচালনাও কৰিছিল। আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল আন দুজন যুৱক। কিন্তু আজি পুৱতিনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলায়ন কৰি যুৱকদুজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...