মছন্দৰীৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক

সহজতে পোৱা বনশাকবিলাকৰ ভিতৰত মছন্দৰী শাক অন্যতম। মছন্দৰী পাতৰ গোন্ধটো কেঁচা মাছৰ দৰে হয়। ইয়াক ইংৰাজীত FISH MINT বুলি কোৱা হয়। বহুতে মছন্দৰীৰ গোন্ধটোৰ বাবেই শাকবিধ খাবলৈ বেয়া পায়। কিন্তু এই মছন্দৰীৰো আছে বহু উপকাৰিতা। এই মছন্দৰীত প্ৰচুৰ পৰিমালনে ভিটামিন এ কেৰোটিন আৰু কেলচিয়াম পোৱা যায়।

মছন্দৰীৰ উপকাৰিতাসমূহ

১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত সিজাই খালে উপকাৰ হয়।
২)ইয়াক নিয়মীয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।
৩) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় হয়।
৪) স্বাস্থ্যকৰ কলেষ্টৰেলৰ স্তৰ উন্নত কৰাতো মছন্দৰীয়ে সহায় কৰে।
৫) মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে।
৬) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাতো ই সহায় কৰে।
৭) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...