নতুন দিল্লীত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন আৰম্ভ

জয়ৰে ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন পি ভি সিন্ধুৰ

দীৰ্ঘ বিৰতিৰ পাছত পুনৰ বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰা ভাৰতৰ পি ভি সিন্ধুই নতুন দিল্লীত আৰম্ভ হোৱা য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰ ছুপাৰ ৭৫০ প্ৰতিযোগিতাত জয়ৰে প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ দুবাৰকৈ অলিম্পিক পদক জয় কৰাৰ লগতে প্ৰাক্তন শীৰ্ষ বাচনিৰ মহিলা শ্বাটলাৰগৰাকীয়ে একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ছং শ্বু য়ুনক ২১-১৪, ২২-২০ ৰ ব্যৱধানত পৰাস্ত কৰে৷

যোৱা ডিচেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ পাছত হাতত ৰেকেট তুলি ধৰা সিন্ধুই বিপক্ষক পোনপটিয়া ছেটত পৰাস্ত কৰিবলৈ ৫১ মিনিট সময় লয়৷ উল্লেখ্য যে পেৰিছ অলিম্পিকৰ পাছত প্ৰথমবাৰ বি ডব্লিউ এফৰ প্ৰতিযোগিতাত খেলা তথা ভাৰতৰ অন্তিম মহিলাৰূপে ২০১৭ ত ইণ্ডিয়া অপেনৰ খিতাপ জয় কৰা বৰ্তমান ১৬ নম্বৰ ৰেংকিঙত থকা সিন্ধুই দ্বিতীয় ৰাউণ্ডত জাপানৰ মানামি ছুইজুৰ বিৰুদ্ধে খেলিব৷

‘দীঘলীয়া বিৰতিৰ পিছত ছন্দ বিচাৰি পোৱাটো কঠিন যদিও মই ষ্ট্ৰেইট গেমত মেচখন জয় কৰি সুখী৷ মোৰ শ্বাটল দ্বিতীয়খন খেলত মিডক’ৰ্টলৈ গৈছিল যদিও মই সদায় আত্মবিশ্বাসী আছিলো৷’ সিন্ধুই কয়৷

ইফালে, সিন্ধুৰ লগতে পুৰুষ ডাবলছ যুটি চিৰাগ ছেট্টী আৰু সাতৱিকচৈৰাজ ৰেংকিৰেড্ডীও জয়ৰে অভিযান আৰম্ভ কৰিছে৷ সদ্য সমাপ্ত মেলয়েছিয়া অপেনৰ ছেমিফাইনেলত পৰাস্ত হোৱা ভাৰতীয় যুটিটোৱে ২৩-২১, ১৯-২১, ২১-১৬ ৰ মালয়েছিয়াৰ উই চুং আৰু টি কাই উনক পৰাস্ত কৰে৷ স্মৰ্তব্য যে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ কে ডি যাদব ইনড’ৰ হলত হোৱা প্ৰতিযোগিতাখনত ২৮ খন দেশৰ ২৫৬ পুৰুষ-মহিলা শ্বাটলাৰে অংশ লৈছে৷

প্ৰথমদিনাৰ খেলত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে ৱাকঅভাৰ লাভ কৰাৰ বিপৰীতে কিৰণ জৰ্জ আৰু ধ্ৰুৱ কাপিলা-তানিছা ক্ৰাষ্টো যুটিয়েও দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে৷ ভাৰতীয় বেডমিণ্টন সন্থাই আয়োজন কৰা তৃতীয় সংস্কৰণৰ প্ৰতিযোগিতাখনত আয়োজক ভাৰতৰ ২১ জনীয়া এটা বৃহৎ দলে খেলিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...