সকলোকে আচৰিত কৰি টেনিচক বিদায় শীৰ্ষস্থানৰ খেলুৱৈ এশ্লেইগ বাৰ্টিৰ

এটা মাত্ৰ ঘোষণা। এটা ঘোষণাৰ পিছতে হতভম্ব সমগ্ৰ বিশ্ব। কিয় এনে সিদ্ধান্ত ললে। হয়। বিশ্বৰ শীৰ্ষস্থানৰ মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে এৰিলে টেনিচ। ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে বিদায় জনালে টেনিচক। মই বহুত সুখী আৰু আগন্তুক দিনৰ বাবে সাজু বুলি এক ভিডিঅ বাৰ্তা পোষ্ট কৰে ইনষ্টাগ্ৰামত। এগৰাকী বন্ধুৰ সহায়ত ভিডিঅ বাৰ্তাত টেনিচ খেলুৱৈগৰাকীয়ে উল্লেখ কৰে- এই মুহূৰ্তত মোৰ বাবে এয়া সঠিক সিদ্ধান্ত। টেনিছে মোক দিয়া সকলোখিনিৰ বাবে কৃতজ্ঞ। ই মোক মোৰ সপোনতকৈও অধিক দিছে। টেনিছৰ পৰা অৱসৰ ঘোষণা কৰাৰ মুহূৰ্তটো মোৰ বাবে কঠিন আৰু যথেষ্ট আৱেগিক হৈ পৰিছো বুলি মন্তব্য কৰে বাৰ্টিয়ে। মন কৰিবলগীয়া যে, ৪৪ বছৰৰ পিছত চলিত বছৰত অষ্ট্ৰেলিয়ান খেলুৱৈৰূপে বছৰৰ প্ৰথম গ্ৰেণ্ডশ্লাম অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দখল কৰিছিল বাৰ্টিয়ে। ইয়াৰ পূৰ্বে ২০১৯ চনত ফ্ৰেন্স অপেন খিতাপ জয় কৰিছিল। ইয়াৰ পিছত ২০২১ চনত উইম্বলডনৰ খিতাপ অৰ্জন কৰিছিল। মাত্ৰ ৩টা গ্ৰেণ্ডশ্লাম খিতাপ জয়ৰ পিছতে মাত্ৰ ২৫ বছৰ বয়সতে অৱসৰৰ ঘোষণাই স্বাভাৱিকতে আচম্বিত কৰি তুলিছে অনুৰাগীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল...

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...