ৰাষ্ট্ৰ নেতাৰ সমাগমেৰে উখল-মাখল দিল্লী

ৰাষ্ট্ৰ নেতাৰ সমাগমেৰে উখল-মাখল দিল্লী
শনিবাৰৰ পৰা দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে G-20 শীৰ্ষ সন্মিলন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই শীৰ্ষ সন্মিলন
সন্মিলনৰ আগেপিছে প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বৈঠকত বহিব ১৫ গৰাকী ৰাষ্ট্ৰীয় নেতাৰ সৈতে
বৈঠকলৈ G-20ৰ সদস্য দেশসমূহৰ বাহিৰেও ভাৰতে আমন্ত্ৰণ কৰিছে ৯খন দেশৰ নেতৃবৰ্গক


G-20 ৰাষ্ট্ৰ গোটৰ বৰ্তমান অধ্যক্ষৰ দায়িত্বত আছে ভাৰত। সেই সূত্ৰে দিল্লীত অনুষ্ঠিত হ’বলগীয়া G-20 শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতি দুবৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনখনত অংশ ল’বলৈ ইতিমধ্যে বিভিন্ন দেশৰ নেতৃবৰ্গৰ আগমন আৰম্ভ হৈছে দিল্লীলৈ।

G-20ৰ অন্তৰ্ভুক্ত দেশসমূহ হৈছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা
চীন, ফ্ৰান্স, জাৰ্মানী, ইণ্ডিয়া, ইণ্ডোনেছিয়া, ইটালী, জাপানী, ৰিপাব্লিক অৱ কোৰিয়া
মেক্সিক’, ৰাছিয়া, ছৌদী আৰব, দক্ষিণ আফ্ৰিকা, তাৰ্কীয়ে
ইউনাইটেড কিংডম, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইউক্ৰেইন
ভাৰতে আমন্ত্ৰণ কৰা দেশসমূহৰ ভিতৰত আছে বাংলাদেশ, নেডাৰলেণ্ড
নাইজেৰিয়া, ইজিপ্ত, মৰিছাছ, ওমান, ছিংগাপুৰ, স্পেইন, ইউ এ ই


নৰেন্দ্ৰ মোদীক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক বিমান বন্দৰত আদৰণি জনাব দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ভি কে সিঙে। প্ৰায় একেসময়তে ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’বলগীয়া চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙক আদৰণি জনাব ভি কে সিঙে। আজি নিশাই যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰ ৰাষ্ট্ৰনেতাসকলক আদৰণি জনোৱাৰ ক্ষেত্ৰত ভাৰতে কোনোধৰণৰ প্ৰট’কল ভংগ কৰি বিশেষ আদৰণি জনোৱাৰ ব্যৱস্থা কৰা নাই।

শুকুৰবাৰে পুৱা দিল্লীত উপস্থিত হৈছেহি ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো ফাৰ্নাণ্ডেজ, IMFৰ অধ্যক্ষ ক্ৰিষ্টেলিনা জৰ্জিগিভা
দুপৰীয়া উপস্থিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি ছুনক


প্ৰধানমন্ত্ৰী মোদীয়ে অহা দুটা দিনত G-20 শীৰ্ষ সন্মিলনলৈ অহা ২৯গৰাকী ৰাষ্ট্ৰীয় নেতাৰ ভিতৰত ১৫ গৰাকীৰে সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। G-20 শীৰ্ষ সন্মিলনে বৈদেশিক কূটনীতিৰ ক্ষেত্ৰত ভাৰতক এক নতুন গতি দিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

319 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...