আজি হৈছে বিশ্ব মৌমাখি দিবস! কিন্তু কিয় বিশ্ব মৌমাখি দিৱস পালন কৰা হয় জানেনে

২০মে’ তাৰিখে সমগ্ৰ পৃথিবীতে বিশ্ব মৌমাখি দিৱস দিচাপে পালন কৰা হয়। এই দিৱস পালন কি কাৰণে কৰা হয় আপুনি জানেনে? যদি নাজানে, জাঁনো আহক কিয় পালন কৰা হয় মৌমাখি দিৱস।

এই দিৱসটো পালন কৰাৰ মূল লক্ষ্য হৈছে পৰিবেশ তন্ত্ৰত মৌমাখিৰ গুৰুত্বতা চিনাক্ত কৰা। লগতে জৈৱ ৱৈচিত্ৰ বৰ্তাই ৰখাত মৌমাখি মাখিয়ে কেনেদৰে সহায় কৰে তাৰ ওপৰত জনসজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়।

বিশ্ব মৌমাখি দিৱস ২০২২, পালন কৰাৰ মূল লক্ষ্য হৈছে মৌমাখি সংৰক্ষণ আৰু মৌ পালন প্ৰণালীৰ বৈচিত্ৰতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলা। ৰাষ্ট্ৰ সংঘই এণ্টন জানছাৰ জন্ম জয়ন্তীৰ উপলক্ষে ২০ মে’ তাৰিখটোত বিশ্ব মৌমাখি দিৱস হিচাপে পালন কৰি আহিছে। স্লোভেনিয়া চৰকাৰে ২০১৬ চনত এপিমোণ্ডিয়াৰ সমৰ্থনত ২০মে’ তাৰিখটো বিশ্ব মৌমাখি দিৱস হিচাপে পালম কৰাৰ ধাৰণাতো প্ৰস্তাৱ কৰিছিল। আৰু এই প্ৰস্তাৱটো ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰষ্ট্ৰসমূহেও অনুমোদন জনাই। আৰু এই প্ৰস্তৱ গ্ৰহণ কৰাৰ পিছৰে পৰাই ২০১৮ চনৰে পৰা আজিৰ দিনটোত সমগ্ৰ বিশ্বতে বিশ্ব মৌমাখি দিৱস হিচাপে পালন কৰি অহা হৈছে।

আমাৰ সামগ্ৰিক পাৰিৱেশিক ভাৰাসাম্য বজাই ৰাখাতো বহু ধৰণে সহায় কৰে মৌমাখিয়ে। খাদ্য সুৰক্ষা, বহণক্ষম কৃষি আৰু জৈৱ বৈচিত্ৰ্যতাৰ ক্ষেত্ৰত মৌমাখিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ লগতে মৌমাখিয়ে জলবায়ু পৰিবৰ্তন হ্ৰাস কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো সহায় কৰে। কৃষিক্ষেত্ৰৰ বাবেও যথেষ্ট পৰিমাণে উপযোগী হয় মৌমাখি। ২০১১ চনত স্লোভেনিয়া ইউৰোপীয় ইউনিয়নৰ প্ৰথমখন দেশ যিয়ে মৌমাখিৰ বাবে ক্ষতিকাৰক কীটনাশক ব্যৱহাৰ নিষিদ্ধ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...